সলনি হ’ব আন্দামান নিকোবৰৰ ২১ টা দ্বীপপুঞ্জৰ নাম

Share

আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উপলক্ষে আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ ২১ টা বৃহৎ দ্বীপৰ নামাকৰণ কৰা হ’ব বীৰ সৈনিকসকলৰ নামেৰে। এই নামাকৰণ পৰ্ব ভিডিঅ’ কন্ফাৰেঞ্চৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পন্ন কৰিব। প্ৰাপ্ত খবৰ অনুসৰি এই ভিডিঅ কন্ফাৰেঞ্চতে আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ এটা বৃহৎ দ্বীপ আজাদ হিন্দ ফৌজৰ জন্মদাতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামত উৰ্চগা কৰাৰ উপৰিও এটা ৰাষ্ট্ৰীয় স্মাৰক মেডেলো উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ২০১৮ চনত প্ৰধানমন্ত্ৰীয়ে  আন্দামান-নিকোবৰ দ্বীপপুঞ্জ ভ্ৰমণ কৰাৰ সময়ত তাৰ ইতিহাসৰ প্ৰতি সন্মান জনাই তাৰ “ৰছ দ্বীপ”ৰ নাম নেতাজীৰ নামেৰে নামাকৰণ কৰিছিল। পৰৰ্ৱতী সময়ছোৱাত  আন্দামানৰ নীল দ্বীপ  আৰু হেভলক দ্বীপৰ নাম ”স্বৰাজ দ্বীপ” লৈ সলনি কৰা হৈছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা পৰমবীৰ চক্ৰ বিজেতাসকলৰ নামত দ্বীপসমূহ নামাকৰণ কৰাৰ পূৰ্বে বীৰ জোৱানসকলৰ নামৰ এখন তালিকা প্ৰকাশ কৰি উলিয়াইছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *