কলকাতা, ১২ জানুৱাৰীঃ বৰ্ষাপাৰাত প্ৰথম এদিনীয়াত দুৰ্দান্ত জয়েৰে আত্মবিশ্বাসী ভাৰতীয় ক্ৰিকেট দলটোৱে দ্বিতীয় এদিনীয়াতো পৰাস্ত কৰিলে প্ৰতিদ্বন্দ্বী শ্ৰীলংকাক। কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়াত শ্ৰীলংকাক ৪ উইকেটত পৰাজিত কৰি ভাৰতীয় দলটোৱে তিনিখনীয়া শৃংখলাত ২-০ ৰ অগ্ৰগতি লাভ কৰিলে।
দ্বিতীয় এদিনীয়াখনৰ জয়ৰ মূলতেই আছিল কে এল ৰাহুলৰ দৰ্শনীয় অপৰাজিত ৬৪ ৰানৰ ইনিংছ। শ্ৰীলংকাৰ ২১৫ ৰানৰ প্ৰত্যুত্তৰত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৪৩.২ অভাৰতে ৬ টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। ৰাহুলৰ উপৰিও ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই ৩৬, শ্ৰেয়াস আয়াৰে ২৮, শুভমন গীলে ২১, অক্ষৰ পেটেলে ২১ আৰু অধিনায়ক ৰোহিত শৰ্মাই ১৭ ৰানৰ অনবদ্য বৰঙনি আগবঢ়ায়।
ইয়াৰ আগেয়ে টছত জিকি আলহী দলটোৱে নুৱানিডু ফাৰ্ণাণ্ডৰ ৫০, কুশল মেণ্ডিছৰ ৩৪ আৰু ডুনিথ ৱালালেগাৰ ৩২ ৰানেৰে ৩৯.৪ অভাৰত ২১৫ ৰানত অল আউট হয়। ভাৰতৰ হৈ মহম্মদ ছিৰাজ আৰু কুলদীপ যাদৱে তিনিটাকৈ তথা উমৰান মালিকে দুটা উইকেট দখল কৰে।