কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Share

বিশ্বনাথ চাৰিয়ালিৰ চতিয়াৰ ৪৬ গৰাকী ভাগিনক বাসগৃহলৈ আমন্ত্ৰণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে নিশা মুখ্যমন্ত্ৰী শৰ্মাৰ বাসগৃহত উপস্থিত হল “হাতীঙা চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ” ছাত্ৰ–ছাত্ৰীসকল।

ভাগিনহতঁৰ লগত তৃপ্তিৰে এসাজ খালে মামায়ে ৷ উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতে ভাগিনহতে পৰিৱেশন কৰিলে ঝুমুৰ নৃত্য আৰু এই নৃত্যত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ নৃত্যত অংশগ্ৰহন কৰাৰ লগতে ছাত্ৰ – ছাত্ৰী সকলৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাৰ্তালাপ কৰি তেওঁ সুধিলে, তেওঁলোক আগতে গুৱাহাটীলৈ আহিছেনে নাই। ভাগিনহঁতৰ অনুষ্ঠান উপভোগ কৰি আপ্লুত হৈ পৰে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে ।

এই নৈশ আহাৰ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সঞ্জয় কিষাণ। লগতে বিধায়ক দিগন্ত কলিতা আৰু ৰূপজ্যোতি কুৰ্মীও উপস্থিত থাকে অনুষ্ঠানটোত ।

Leave a Reply

Your email address will not be published. Required fields are marked *