পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল অসম

Share

জনপ্ৰিয় টেলিভিছন ৰিয়েলিটি শ্ব’ মাষ্টাৰ চেফ ইণ্ডিয়াৰ চিজন – ৭ ত শীৰ্ষ ৩৬ ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ তিনিগৰাকীকৈ ব্যক্তিয়ে। ২ জানুৱাৰীৰ পৰা চনী এণ্টাৰটেইনমেণ্ট টেলিভিছন চেনেলত সম্প্ৰচাৰিত হৈছে এই জনপ্ৰিয় ৰিয়েলিটি শ্ব’টো। বিকাশ খান্না, ছেইফ ৰণবীৰ ব্ৰাৰ আৰু গৰিমা আৰোৰা হৈছে মাষ্টাৰ চেফ ইণ্ডিয়াৰ চিজন – ৭ ৰ বিচাৰক। দেশৰ বিভিন্ন ঠাইৰ প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তাৰ ভিতৰত অসমৰ তিনিগৰাকী প্ৰতিযোগী ক্ৰমে – নয়নজ্যোতি শৰ্মা ,নজিয়া চুলতানা আৰু ছাণ্টা শৰ্মাই মাষ্টাৰ চেফ ইণ্ডিয়াৰ চিজন – ৭ ৰ শীৰ্ষ ৩৬ ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তেজপুৰৰ ছাণ্টা শৰ্মাই নিজৰ হাতৰ সুস্বাদ্যু খাদ্যৰে বিচাৰকৰ মন জয় কৰি শীৰ্ষ ৩৬ ত স্থান দখল কৰে। আনহাতে জাপানী পেনকেক প্ৰস্তুত কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় নাজিয়া চুলতানা। আৰু আন এগৰাকী হ’ল তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়া। নয়নজ্যোতি শৰ্মা তেনেই এজন সাধাৰণ ঘৰৰ যুৱক। দেউতাকৰ সৈতে চাহ বাগিচাত কাম কৰাৰ উপৰিও ৰন্ধা-বঢ়াত পাকৈত নয়নজ্যোতি। বিচাৰক বিকাশ খান্নাই তেওঁৰ ইনষ্টাগ্ৰামৰ দ্বাৰা বিচাৰি পাইছিল নয়নজ্যোতিক।

Leave a Reply

Your email address will not be published. Required fields are marked *