কাজিৰঙাত ৩ মাহত ৩ কোটি ৪৪ লাখ ৬৬ হাজাৰ ৯৩৮ টকাৰ অভিলেখ সৃষ্টি অসমৰ পৰ্যটন বিভাগৰ

Share

২০২২-২০২৩ বৰ্ষটো কাজিৰঙাৰ পৰ্যটন বৰ্ষ হিচাপে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম  হৈছে অসমৰ পৰ্যটন বিভাগ। তিনিটা মাহত কাজিৰঙালৈ আহিল প্ৰায় ১ লাখ ৩৮ হাজাৰ ১৭ জন দেশী-বিদেশী পৰ্যটক , ইয়াৰে ৩ হাজাৰ  ২২৬ গৰাকী বিদেশী পৰ্যটক ।  পৰ্যটকৰ পৰা  ৰাজহ সংগ্ৰহৰ পৰিমাণ প্ৰায় ৩ কোটি ৪৪  লাখ  ৬৬ হাজাৰ ৯৩৪ টকা বুলি  সদৰি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই। 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদগুৰুৰ উপস্থিতত আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে  মুকলি কৰাৰ পাছতে বিগত বছৰৰ ২ অক্টোবৰত আৰম্ভ হয় ২০২২-২০২৩ পৰ্যটন বৰ্ষ। পৰ্যটক সকলক সকলো ক্ষেত্ৰত টুৰিষ্ট গাইড আৰু বনকৰ্মী সকলে সেৱা আগবঢ়াইছে বুলি  সঞ্চালক গৰাকীয়ে মন্তব্য কৰিছে। লগতে তেওঁ জাহাজত ব্ৰহ্মপুত্ৰ মাজেৰে অহা বিদেশী পৰ্যটকক লৈ আশাবাদী বুলি মন্তব্য কৰিছে উদ্যান কতৃপক্ষ্য। 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *