অসমৰ জিলাৰ সংখ্যা ৩৫ ৰ পৰা ৩১ খনলৈ হ্ৰাস

Share

অসমৰ পৰা বিলুপ্তি ঘটিল চাৰিখন জিলা । পূৰ্বৰ ৩৫ খন জিলাৰ সলনি বৰ্তমান অসমৰ জিলাৰ সংখ্যা ৩১ খন । শনিবাৰে দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্ত প্ৰকাশ কৰে । কেবিনেটৰ সিদ্ধান্ত অনুসৰি  বিলুপ্তি ঘটা এই জিলা কেইখন হৈছে বিশ্বনাথ , হোজাই , বজালী আৰু তামুলপুৰ । 

বিশ্বনাথ জিলাক শোণিতপুৰৰ সৈতে , বজালী জিলাক বৰপেটাৰ সৈতে আৰু হোজাই জিলাক পুনৰ নগাঁৱৰ সৈতে সংলগ্ন কৰা হৈছে । একেদৰে তামুলপুৰ জিলাক বাক্সা জিলাৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে উক্ত কেবিনেটত । এই সিদ্ধান্ত সাময়িক সিদ্ধান্ত বুলি সদৰি কৰি এই সিদ্ধান্তৰ বাবে যিসকল ৰাইজে মনত দুখ পাইছে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰিছে । 

Leave a Reply

Your email address will not be published. Required fields are marked *