সংগ্ৰহালয় হিচাপে স্বীকৃতি পালে প্ৰতিমা পাণ্ডে বৰুৱাৰ মৰমৰ হাৱামহলে

Share

আজি গৌৰীপুৰস্থিত প্ৰতিমা পাণ্ডে বৰুৱাৰ হাৱামহলক প্ৰতিমা পাণ্ডে বৰুৱা সংগ্ৰহালয় হিচাপে ঘোষণা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি ধুবুৰীলৈ যাব  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,  হাৱাখানাক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰাৰ উদ্দেশ্যে। মুখ্যমন্ত্ৰীক আদৰিবলৈ ধুবুৰী জিলা প্ৰশাসনে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। 

সাংস্কৃতিক বিভাগলৈ হস্তান্তৰ হ’ব এই ঐতিহ্যমণ্ডিত ঘৰটো। হাৱাখানাত বসবাস কৰি থকা ৰাজপৰিয়ালৰ লোকসকল হাৱাখানা এৰিবলৈ সাজু হৈ পৰিছে। আজিৰে পৰা সংৰক্ষিত এলেকা হিচাপে পৰিচিত হব ধুবুৰী জিলাৰ গৌৰীপুৰ মাটিয়াবাগৰ হাৱাখানা বা হাৱামহল । 

উল্লেখ্যযাগ্য যে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় এশ মিটাৰ ওচৰত  ওখ টিলা এটিত অৱস্থিত আটকধুনীয়া হাৱাখানা । ইয়াৰ সৌৰ্ন্দযই সকলোকে মুহিত কৰে । এই হাৱাখানা সংৰক্ষণ কৰাৰ বাবে ৰাজপৰিয়ালৰ সদস্যই ৰজাদিনীয়া সা-সামগ্ৰী সমূহ স্ব-ইচ্ছাই সংৰক্ষণ কৰাৰ বাবে চৰকাৰক দান দিব বুলি ৰাজপৰিয়ালৰসদস্য প্ৰবীৰ কুমাৰ বৰুৱাই জানিবলৈ দিয়ে।

শেহতীয়াকৈ  বিজেপি চৰকাৰে ঐতিহ্যবাহী হাৱাখানা সংৰক্ষণ কৰাৰ বাবে ব্যাপক তৎপৰতা গ্ৰহণ কৰি বাজেট অধিৱেশনত হাৱাখানা সংৰক্ষণ কৰাৰ বাবে ১৫ কোটি টকা আৱণ্টন দিয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব সহকাৰে লৈ অতি ক্ষীপ্ৰতাৰে হাৱাখানাক সংৰক্ষণ কৰাৰ বাবে লোৱা পদক্ষেপ লৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *