কথমপি ৰক্ষা পৰিল ক্ৰিকেটাৰ ঋষভ পন্ত

Share

দুৰ্ঘটনাত পতিত হৈছে ক্ৰিকেটাৰ ঋষভ পন্তৰ বাহন। দিল্লীৰ পৰা নিজ বাসগৃহ লৈ গৈ থাকোঁতে আদবাটতে ভয়ংকৰ দূৰ্ঘটনাত পতিত হয় ভাৰতীয় ক্ৰিকেটাগৰাকীৰ বাহন । দুৰ্ঘটনাৰ সময়ত বাহনখন নিজেই চলাই আছিল পন্তে। কথমপি প্ৰাণ ৰক্ষা পৰে ভাৰতীয়  ক্ৰিকেটাগৰাকীৰ।  ডিভাইডাৰত খুন্দিওৱাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতে জ্বলি যায় গাড়ীখন। গাড়ীৰ গ্লাছ ভাঙি বাহিৰলৈ ওলাই আহি নিজৰ প্ৰাণ ৰক্ষা কৰে ক্ৰিকেটাৰ ঋষভ পন্তে। মূৰ, ভৰিৰ লগতে পিঠিৰ বহু অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ক্ৰিকেটাৰগৰাকী। 

শেহতীয়া তথ্য অনুসৰি দিল্লী-ডেৰাডুন হাইৱে’ত ৰুৰকীৰ সীমাপৰ গুৰুকুল নাৰছান সীমান্তত পন্তৰ বাহনখন দুৰ্ঘটনাত পতিত হয়। হাস্পতালৰ সূত্ৰ অনুসৰি বৰ্তমান পন্তৰ অৱস্থা সংকটমুক্ত। 

Leave a Reply

Your email address will not be published. Required fields are marked *