বনভোজ খাবলৈ গ’লে মানিব লাগিব এছ অ’ পি

Share

সাৱধান! বনভোজলৈ গ’লে মানিব লাগিব এছ অ’ পি। বনভোজৰ দলে বনভোজস্থলীলৈ যোৱাৰ আগেয়ে প্ৰশাসনৰ অনুমতি লৈ হে যাব পাৰিব। বনভোজ খাবলৈ যোৱা দলৰ বাবে প্ৰশাসনে বান্ধি দিয়া নিয়মসমূহ হ’ল –

1.প্ৰশাসনৰ অনুমতি বাধ্য়তামূলক।

২.নিষিদ্ধ সুৰাপান আৰু চিগাৰেট সেৱন।

৩.উচ্চ প্ৰাৱল্য়ত বজাব নোৱাৰিব গীত-মাত।

৪.মহানগৰ আৰক্ষীৰ পৰা ল’ব লাগিব অনুমতি।

৫.ক্ষতি হ’ব নোৱাৰিব বনভোজস্থলী সা-সম্পত্তি।

৬.বনভোজস্থলীত আতচবাজীৰ ব্য়ৱহাৰত নিষেধাজ্ঞা।

৭.নিষিদ্ধ ধৰ্মীয় অথবা ৰাজনৈতিক অনুষ্ঠান।

৮.বনভোজস্থলীত নিষিদ্ধ জুৱাকে ধৰি অনৈতিক কাৰ্যকলাপ।

৯. পৰিবেশলৈ ভাবুকি অনা সকলো কাৰ্যত নিষেধাজ্ঞা।

১০.অনুমতি বিনে বিক্ৰী কৰিব নোৱাৰিব খাদ্য় সামগ্ৰী।

১১.বনভোজস্থলীত সাজিব নোৱাৰিব টেন্ট।

১২.বনভোজস্থলীত মাছ মৰা, নাও চলোৱা,সাঁতোৰাত  নিষেধাজ্ঞা।

১৩.কৰিব নোৱাৰিব দ্ৱিপৰ বিললৈ  ভাবুকি অনা কোনো কাম।

১৪.বনভোজস্থলীৰ সমীপৰ নদ-নদীত নমাত নিষেধাজ্ঞা।

আনহাতে,বনভোজস্থলীত আৱৰ্জনা  পেলোৱাৰ ব্যৱস্থা উলংঘা কৰা ব্যক্তিৰ ওপৰত ১০০০ টকাকৈ জৰিমনা কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *