শিৱসাগৰত পৱনদ্বীপ ৰাজনৰ সংগীতানুষ্ঠান

Share

শিৱসাগৰত পৱনদ্বীপ ৰাজনৰ সংগীতানুষ্ঠান। শিৱসাগৰ জিলাৰ পৰ্যটনৰ মূল আকৰ্ষণস্থলী দিচাংমুখত অনুষ্ঠিত হৈ থকা দিচাং-ব্ৰহ্মপুত্ৰ মহোৎসৱৰ দ্বিতীয় দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী হিচাপে মংগলবাৰে নিশা উক্ত অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিয়ান আইডল চিজন-১২ ৰ বিজয়ী পৱনদ্বীপ ৰাজন। যোৱা ২৬ ডিচেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দিচাং-ব্ৰহ্মপুত্ৰ মহোৎসৱৰ দ্বিতীয় দিনাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত দেশৰ জনপ্ৰিয় সংগীত-শিল্পী পৱনদ্বীপ ৰাজনৰ সংগীতে মুগ্ধ কৰে হাজাৰ হাজাৰ দৰ্শকক। সংগীত শিল্পীগৰাকীৰ শ্ৰুতিমধুৰ কণ্ঠই মায়াজাল ৰচিলে ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ সংগমস্থলী দিচাংমুখত। প্ৰচণ্ড শীতকো নেওচি দিচাং-ব্ৰহ্মপুত্ৰ মহোৎসৱস্থলীৰ বালিচৰত কেইবা সহস্ৰাধিক দৰ্শকে একেলগে উপভোগ কৰে পৱনদ্বীপৰ কণ্ঠত এটাৰ পিছত আনটো জনপ্ৰিয় গীত। আনহাতে সংগীতানুষ্ঠানটোত বলিউডৰ উপৰিও বহুকেইটা অসমীয়া গীত পৰিৱেশনেৰে উপস্থিত দৰ্শকৰ মন জয় কৰে পৱনদ্বীপ ৰাজনে । অসমীয়া ভাষাৰ উপৰিও মিচিং শব্দতে দৰ্শকক সম্বোধন কৰা পৱনদ্বীপ ৰাজনক গায়কী-শৈলীক ভূয়সী প্ৰশংসা কৰিলে মন্ত্ৰী যোগেন মহনেও।

ইফালে পৱনদ্বীপে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ফটো পোষ্ট কৰি শিৱসাগৰবাসীক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে মিছিং জনগোষ্ঠীৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিক উজ্জ্বল কৰি বিশ্ব-দৰবাৰলৈ লৈ যোৱাৰ উদ্দেশ্যৰে দিচাং-ব্ৰহ্মপুত্ৰ মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। বিভিন্ন সম্প্ৰদায়ৰ গীত,  নৃত্য,  খেল-ধেমালিৰ লগতে পৰম্পৰাগত খাদ্য তথা সাজ-পোছাকো এই অনুষ্ঠানটোত প্ৰদৰ্শন কৰা হ’ব।

২৬ ডিচেম্বৰত উদুলি-​​মুডুলি পৰিৱেশত আৰম্ভণি হোৱা দিচাং-ব্ৰহ্মপুত্ৰ মহোৎসৱৰ প্ৰথম দিনাৰ পতাকা উত্তোলন  আৰু মঞ্চ উত্তোলন অনুষ্ঠানত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, শিৱসাগৰৰ  উপায়ুক্ত আদিত্য বিক্ৰম যাদৱকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *