২০২৩ৰ এপ্ৰিলৰ পৰা দেশত বন্ধ কৰা হ’ব মাৰুতি এল্ট’কে ধৰি ১৭ খন গাড়ীৰ বিক্ৰী

Share

আগন্তুক বছৰৰ পহিলা এপ্ৰিলৰ পৰা দেশৰ পথত চলাচল কৰিবলৈ দিয়া নহ’ব ১৭ খনকৈ গাড়ীৰ মডেলক। বন্ধ কৰা হ’ব দেশৰ অন্যতম জনপ্ৰিয় গাড়ী মাৰুতি এল্ট’কে ধৰি ১৭ খনকৈ গাড়ীৰ বিক্ৰী। আগন্তুক বছৰৰ এপ্ৰিলৰ দেশত বলৱ९ কৰা হ’ব ‘ৰিয়েল ড্ৰাইভিং এমিছন’ চমুকৈ RDE আইন আৰু এই নতুন আইনৰ নিয়মবোৰ মানি চলিব নোৱাৰাৰ বাবে এই কেইখন গাড়ী বন্ধ কৰা হ’ব। বন্ধ হ’বলগীয়া গাড়ীসমুহৰ ভিতৰত আছে Mahindra Marazzo, Mahindra Altunas G4, Mahindra KUV100, Honda Amaze, Honda Jazz, Honda WR-V, Skoda Octavia, Skoda Superb, Nissan Kicks, Toyota Innova Crysta Petrolকে আদি কৰি আন কেইবাখনো গাড়ী। অৱশ্যে, নতুন Alto 800 এতিয়াও কোম্পানীৰ ৱেবছাইত আৰু ডীলাৰশ্বীপৰ পৰা বিক্ৰী হৈ আছে।
মন কৰিবলগীয়া যে, ৰিয়েল ড্ৰাইভিং এমিছন আইন অহাৰ লগে লগে বহু কোম্পানীয়ে ডিজেলৰ বাহন বন্ধ কৰিবলৈ ওলাইছে। আনহাতে, পেট্ৰ’ল চালিত বাহনতো কিছু পৰিৱৰ্তন কৰিবলগীয়া হ’ব।
উল্লেখযোগ্য যে, BS6 নিৰ্গমন নীতিৰ দ্বিতীয় পৰ্যায় বুলি অভিহিত এই RDE আইনৰ প্ৰয়োজনীয় নিয়মবোৰ পূৰণ কৰিব নোৱাৰা কিছুমান কোম্পানীয়ে ইতিমধ্যে নতুন নিয়মৰ সৈতে মিলাৰ সিদ্ধান্ত লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *