বিদ্যালয় পৰ্যায়ত ছাত্ৰীক দিয়া হ’ব ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিনঃ কেন্দ্ৰ

Share

দেশৰ মহিলাৰ মাজত দ্ৰুতগতিত বৃদ্ধি পাইছে ছাৰ্ভাইকেল কেন্সাৰ। শীঘ্ৰে ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে বিদ্যালয় পৰ্যায়ত এক সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিব। বিশেষকৈ ৯ বছৰৰ পৰা ১৪ বছৰ বয়সৰ কিশোৰীৰ বাবে বিদ্যালয়সমূহত কেন্দ্ৰীয় চৰকাৰে এই অভিযান আৰম্ভ কৰিব। বিদ্যালয়সমূহত এই কিশোৰীক ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ বাবে CERVAVAC Vaccine দিয়া হ’ব। তদুপৰি যিসকল কিশোৰীয়ে বিদ্যালয়ত এই ভেকচিন ল’ব  নোৱাৰে তেওঁলোকৰ বাবে স্বাস্থ্যকেন্দ্ৰত এই ভেকচিন  উপলব্ধ কৰা হ’ব।

               দ্য় হিন্দুত  প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই ভেকচিন ভাৰততো প্ৰস্তুত কৰা হৈছে। এই টীকাকৰণ কাৰ্যসূচীত হিউমেন পেপিলোমা ভাইৰাছ ( এইচ পি ভি) ভেকচিন  অন্তভূৰ্ক্ত কৰাৰ পৰামৰ্শ দিয়া হৈছে। উল্লেখযোগ্য যে একে সময়তে ভাৰতত নিৰ্মিত  এই এইচ পি ভি ভেকচিনৰ মূল্য ২০০ টকা নিৰ্ধাৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *