ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ক্ৰয় কৰিব ১২০ টা ‘প্ৰলয়’ বেলিষ্টিক মিছাইল

Share

                     ভাৰত-চীনৰ মাজত উত্তেজনাময় পৰিস্থিতি অব্যাহত থকাৰ মাজতে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ  সিদ্ধান্ত। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে প্ৰায় ১২০ টা ‘প্ৰলয়  বেলিষ্টিক মিছাইল’ ক্ৰয় কৰিবলৈ অনুমোদন জনাইছে। ‘প্ৰলয়’ হৈছে এক অৰ্ধ-বেলিষ্টিক মিছাইল। এই উন্নত মানৰ মিছাইলটো এনেদৰে নিৰ্মাণ কৰি উলিওৱা হৈছে যে ই ইণ্টাৰচেপ্টাৰ মিছাইলক বিফল কৰিবলৈ সক্ষম। এই মিছাইলটো প্ৰথমে ভাৰতীয় বায়ু সেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হ’ব। জ্যেষ্ঠ প্ৰতিৰক্ষা সূত্ৰৰ পৰা লাভ কৰা তথ্য মতে, “প্ৰতিৰক্ষা ৰক্ষা মন্ত্ৰণালয়ৰ এক উচ্চ পৰ্যায়ৰ বৈঠকে সশস্ত্ৰ বাহিনীৰ বাবে প্ৰায় ১২০টা ক্ষেপণাস্ত্ৰ অধিগ্ৰহণ আৰু সীমান্তত নিয়োগ কৰাৰ অনুমতি প্ৰদান কৰে।” প্ৰাপ্ত খবৰ অনুসৰি প্ৰলয় বেলিষ্টিক মিছাইলে এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাৰ পিছত নিজৰ পথ সলনি কৰিব পাৰে। এই ক্ষেপণাস্ত্ৰসমূহ কঠিন প্ৰপেলেণ্ট ৰকেট মটৰ আৰু অন্যান্য নতুন প্ৰযুক্তিৰ দ্বাৰা চালিত। ১৫০ ৰ পৰা ৫০০ কিলোমিটাৰ লৈকে লক্ষ্যত আঘাত কৰিব পৰা মিছাইলটোৱে নিশাৰ ভাগতো শত্ৰুৰ লক্ষ্য আক্ৰমণ কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি। বেলিষ্টিক মিছাইল গাইডেন্স ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হৈছে অত্যাধুনিক নেভিগেচন আৰু সংহত এভিয়নিকছ । ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ২০২১ চনৰ ডিচেম্বৰ মাহত থলুৱাভাৱে নিৰ্মিত পৃষ্ঠৰ পৰা পৃষ্ঠলৈ প্ৰালে মিছাইলৰ প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল। এই ক্ষেপণাস্ত্ৰৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় ২০০০ কিলোমিটাৰ, আৰু ইয়াত ইনফ্ৰাৰেড বা থাৰ্মেল স্ক্যানাৰ আছে। সূত্ৰ অনুসৰি এই ক্ষেপণাস্ত্ৰ বায়ু সেনা আৰু নৌ-সেনা বাহিনীক যোগান ধৰা হ’ব। একে শ্ৰেণীৰ ক্ষেপণাস্ত্ৰত চীনৰ হাতত ডংফেং-১২ ক্ষেপণাস্ত্ৰ থকাৰ বিপৰীতে পাকিস্তানৰ হাতত গাজনাভি, এম-১১ আৰু শ্বাহীন ক্ষেপণাস্ত্ৰ আছে।

                     উল্লেখযোগ্য যে  প্ৰাক্তন প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল প্ৰয়াত বিপিন ৰাৱাটো এনে ৰকেট বাহিনী সৃষ্টিৰ প্ৰধান সমৰ্থক আছিল। নৌ-সেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰেও কৈছিল যে প্ৰয়াত জেনেৰেল ৰাৱাটে সীমান্তত শত্ৰুক প্ৰতিহত কৰিবলৈ ৰকেট বাহিনী নিৰ্মাণৰ কাম কৰি আছিল। এই মিছাইল ক্ৰয়ৰ সিদ্ধান্ত ভাৰতীয় সেনাৰ ইতিহাসত হ’ব পাৰে নতুন যুগৰ সূচনা।

Leave a Reply

Your email address will not be published. Required fields are marked *