আগন্তুক জুনৰ কাৰ্যক্ষম হ’ব গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্প ২ টা ইউনিট

Share

চলিত বছৰৰ বানপানীৰ বাবে সোৱণশিৰি নদীবান্ধ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ক্ষতিগ্ৰস্ত হোৱা নদীবান্ধটোৰ মেৰামতিৰ বাবে ৮০ কোটিৰ পৰা ১০০ কোটি প্ৰয়োজন হ’ব । আজি ৰাজ্যসভাত এই কথা ব্যক্ত কৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে । মন্ত্ৰীজনে প্ৰকাশ কৰা মতে , নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত চলিত বছৰৰ নৱেম্বৰ মাহলৈকে ১৭,২৭৫.৬২ কোটি টকা ব্যয় হৈছে । ৮ ইউনিটযুক্ত ২০০০ মেগাৱাট সম্পন্ন জলবিদ্যুত প্ৰকল্পৰ দুটা ইউনিট অহা মাহৰ জুন মাহৰ পৰা কাৰ্যকৰী হ’ব । বাকী থকা ৬ টা ইউনিট ২০২৪ চনৰ ৩১ মাৰ্চৰ ভিতৰত কাৰ্যকৰী হ’ব বুলি শক্তিমন্ত্ৰী আৰ কে সিঙে জানিবলৈ দিয়ে ।
তেওঁ কয় যে প্ৰকল্পটোৰ নিৰ্মানকাৰ্য ২০১১ চনৰ পৰা ২০১৯ চনৰ অক্টোবৰ মাহলৈকে বন্ধ আছিল ।
তদুপৰি ২০২১ চনৰ আগষ্ট মাহত , ২০২২ চনৰ জুন আৰু ছেপ্তেম্বৰ মাহৰ বানপানীৰ বাবেও প্ৰকল্পটোৰ নিৰ্মানকাৰ্য লেহেম হৈ পৰিছিল বুলি আৰ কে সিঙে উল্লেখ কৰে ।  

Leave a Reply

Your email address will not be published. Required fields are marked *