নিষ্ফল কেন্দ্ৰীয় গৃৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ, ভাৰতত মাটি দখল চীনৰ ৩ বছৰত ৬ কিঃ মিঃ

Share

কেন্দ্ৰীয় শাসনাধিষ্ঠ চৰকাৰৰ আষ্ফালন যে নিষ্ফল সেই কথা প্ৰমাণ কৰি আহিছে দেশৰ প্ৰতিৰক্ষা বিভাগৰ শোচনীয় ব্যৱস্থাই। চীনৰ ভয়ংকৰ আগ্ৰাসনৰ বলি ভাৰত আৰু ভূটান। ৩ বছৰতেই অৰুণাচলৰ ৬ কি মি ভিতৰলৈ সোমাই ইতিমধ্যই বহু গাও নিৰ্মাণ চীনৰ। আনহাতে ভূটানতো ২৫ হেজাৰ একৰ ভূমি চীনৰ দখলত।
৯ ডিচেম্বৰত ভাৰতীয় সেনাৰ ওপৰত জপিয়াই পৰিছিল ৬ শতাধিক চীনৰ সৈন্য। লাঠিৰে কৰা আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল ৪ জনকৈ ভাৰতীয় সেনাই। পৰৱৰ্তী সময়ত চীনৰ সৈন্যৰ এই দলবদ্ধ আক্ৰমণক ভাৰতীয় সেনাই বাধা দিয়ে।
উল্লেখযোগ্য যে ভাৰতীয় সেনাৰ ওপৰত চীনৰ আক্ৰমণ এয়াই প্ৰথম নহয়। এতিয়া প্ৰশ্ন হয়, সেনাত ভৰ্ত্তি হোৱাৰ সময়তেই দেশ মাতৃক সেৱা কৰাৰ প্ৰতিশ্ৰ্ৰুতিবদ্ধ হয় সৈন্যসকল। সৈন্যসকলে তুমুল সংগ্ৰাম, কষ্টৰ মাজেৰে প্ৰশিক্ষণ সমাপ্ত কৰি এটি অঞ্চলত বলিদান দিয়াতোও সহজ নহয় সৈন্যৰ এগৰাকীৰ বাবে।
তেনেস্থলত এইসকল লোকৰ শৌৰ্য, পৰাক্ৰমৰ বাবে প্ৰশংসা কৰাতকৈ অকাল মৃত্যুৰ পৰা দূৰৈত সুৰক্ষিত ভাৱে ৰাখিব পৰাটোহে হব লাগিছিল চৰকাৰৰ প্ৰথম কৰ্তব্য কিন্তু তাৰ এক বিপৰীত ভাষ্য ক্ৰমে সমগ্ৰ দেশবাসীৰ মাজত প্ৰস্তত কৰি আহিছে চৰকাৰ খনে।

Leave a Reply

Your email address will not be published. Required fields are marked *