আজি গুজৰাটত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে

Share

আজি গুজৰাটত শপত গ্ৰহণ কৰি নতুনকৈ মন্ত্ৰীসভা গঠন কৰা হব। দ্বিতীয়বাৰৰ বাবে গুজৰাটতৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব  ভূপেন্দ্ৰ পেটেলে । তেখেতৰ লগতে মন্ত্ৰী সভাৰ ২৫ জনেও শপত গ্ৰহণ কৰিব। গুজৰাটৰ ৰাজধানী গান্ধীনগৰৰ নতুন সচিবালয়ৰ সমীপৰ হেলিপেড খেলপথাৰত অনুষ্ঠিত কৰা হয় শপত গ্ৰহণৰ অনুষ্ঠান । যোৱা ৮ ডিচেম্বৰত ঘোষণা কৰা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে মুঠ ১৮২ খন আসনৰ ভিতৰত ১৫৬ খন আসন লাভ কৰিছিল । ১৮ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয় ভূপেন্দ্ৰ পেটেলৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালৰ লগতে দলীয় আন শীৰ্ষ নেতা সমূহ । 

Leave a Reply

Your email address will not be published. Required fields are marked *