আজি শ্বহীদ দিৱস, ১৯৭৯ চনৰ আজিৰ দিনটোতেই আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে

Share

১৯৭৯ চনৰ ১০ হীদ খৰ্গেশ্বৰ তালুকদাৰে ডিচেম্বৰ এই দিনটোতেই জাতি ৰক্ষাৰ বাবে আত্ম-বলিদান দিছিল বৰপেটা জিলাৰ ভৱানীপুৰৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে। ছবছৰীয়া অসম আন্দোলনৰ ইতিহাসৰ প্ৰথমগৰাকী শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ। চন ১৯৭৯, মাৰ্চ মাহত সদৌ অসম ছাত্ৰ সন্থাৰ এখন সভাত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনক ক্ৰমে সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচন কৰা হয় । ১৯৭৯ ৰ চেপ্তেম্বৰ মাহত পালন কৰা হ’ল শ্ৰেণী বৰ্জন আৰু ধৰ্ণা কাৰ্যসূচী। সেই সময়তে নিৰ্বাচন আয়ুক্তই নিৰ্দেশ দিয়ে ১৯৭৮ চনত ভোটাৰ তালিকাৰ ভিত্তিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ। এই নিৰ্দেশে যেন উমি উমি জ্বলি থকা আন্দোলনৰ জুই-কুৰাত ঘিউ ঢালি দিলে। সন্দেহযুক্ত নাগৰিকৰ নাম সন্নিৱিষ্ট ভোটাৰ তালিকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ সিদ্ধান্তৰে অসমত আৰম্ভ হল গণ আন্দোলন। সমগ্ৰ অসম বিয়পি পৰিল আন্দোলনৰ জুই। অব্যাহত থাকিল আন্দোলন। কিন্তু নিজৰ স্থিতি অটল ৰাখিল চৰকাৰে। নিৰ্বাচন হবই যিকোনো প্ৰকাৰে। ১৯৭৯ চনৰ ১০ ডিচেম্বৰত বিশাল কনভয় লৈ মনোনয়ন পত্ৰ দিবলৈ আহিল কংগ্ৰেছৰ প্ৰাৰ্থী আবেদা বেগম। এই কনভয়ক গণতান্ত্ৰিকভাৱে বাধা প্ৰদান কৰিবলৈ গৈছিল একাংশ আন্দোলনকাৰীয়ে। কিন্তু সেই মুহূৰ্ততে আন্দোলনকাৰীৰ ওপৰত চলিল লাঠী-চাৰ্চ আৰু তাৰপাছতেই এটা তপ্ত বুলেটৰ আঘাতত ঢলি পৰিল আন্দোলনৰ আগশাৰীত থকা তেজাল ডেকা খৰ্গেশ্বৰ তালুকদাৰ। ইফালে আন্দোলন দমন কৰিবলৈ কঠোৰ  হৈ পৰিল তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া। আন্দোলনকাৰীৰ ওপৰত চলিল আৰক্ষীৰ নিৰাপত্তা-বাহিনীৰ লাঠী আৰু গুলী। ছ-বছৰ ধৰি চলিল এই আন্দোলন। জাতি ৰক্ষাৰ মহাসমৰ স্বৰূপ এই অসম আন্দোলনত শ্বহীদ হল ৮৫৫ জন লোক। তেতিয়াৰে পৰা ১০ ডিচেম্বৰৰ দিনটো পালন কৰি অহা হৈছে শ্বহীদ দিৱস হিচাপে।

Leave a Reply

Your email address will not be published. Required fields are marked *