আজি আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস

Share

 প্ৰতিবছৰে ১০ ডিচেম্বৰ দিনটো সমগ্ৰ বিশ্বত মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় । ৰাষ্টসংঘৰ ১৯৪৮ চনৰ ১০  ডিচেম্বৰত সাধাৰণ সভা (ইউএনজিএ) ৰ দ্বাৰা মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা  (ইউডিএইচআৰ), মানৱ অধিকাৰৰ প্ৰথম বিশ্বব্যাপী ঘোষণা আৰু নতুন ৰাষ্টসংঘৰ প্ৰথমটো মুখ্য সফলতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ১০ ডিচেম্বৰ তাৰিখেটোত মানৱ অধিকাৰ দিৱস হিচাপে বাছনি কৰা হৈছিল ।  এই বছৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ আৰু ৭২ তম মানৱ গ্ৰহণৰ ৭৪ তম বাৰ্ষিক হিচাপে উদযাপন কৰা হৈছে । এই বছৰৰ মানৱ অধিকাৰ দিৱসৰ বিষয়বস্তু হৈছে সকলোৰে বাবে মৰ্যদা, স্বাধীনতা আৰু ন্যায় । সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমেও আজি এই দিৱস উদযাপন কৰিছে । নগাঁও  জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহতো দিনযোৰা কাৰ্য্যসূচীৰে আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উদযাপন কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *