মেঘালয়ত ইন্টাৰনেট বন্ধৰ সময়সীমা বৃদ্ধি

Share

মেঘালয়ত পুনৰ বৃদ্ধি কৰা হৈছে ইন্টাৰনেট  সেৱা বন্ধৰ সময়সীমা । পুনৰ ৪৮ ঘন্টাৰ বাবে বৃদ্ধি কৰা হৈছে ইন্টাৰনেট বন্ধৰ সময় । উল্লেখ্য যে বৃহস্পতিবাৰে শ্বিলংত শান্তিৰ সমদলত সংঘঠিত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে মেঘালয় চৰকাৰে । ফলত মেঘালয় কেইবাখনো জিলাত চেপা উত্তেজনা বিৰাজ কৰে । যাৰ ফলত ৭ খন জিলাত বন্ধ থাকিব ইন্টাৰনেট সেৱা । জিলা সমূহ হৈছে ৰিয়ভ, ৱেষ্ট জয়ন্তীয়া হিলছ , ইষ্ট জয়ন্তীয়া হিলছ , ৱেষ্ট খাচী হিলছ , ছাউথ খাচী হিলছ , ইষ্টাৰ্ণ ৱেষ্ট খাচী হিলছ , ইষ্ট খাচী হিলছ  ত বন্ধ ইন্টাৰনেট ।

যাতে মানুহে ইন্টাৰনেটৰ জৰিযতে কোনো ধৰণৰ বিষয়বাস্প বিয়পাব লোৱাৰে তাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰে । আৰু এই সংঘাত নিস্পতি  কৰাৰ বাবে যোৱা কালি খাচি ছাত্ৰ সন্থাৰ সৈতে আছুৰ এক বৈঠক অনুষ্ঠিত হয় । যাতে  দুয়োটা ৰাজ্যৰ মাজত শান্তি ঘুৰাই আহে । 

Leave a Reply

Your email address will not be published. Required fields are marked *