পহিলা নৱেম্বৰৰ পৰা আৰম্ভ হ’ব কলীয়াভোমোৰাৰ দ্বিতীয়খন দলঙেৰে যাতায়াত ব্যৱস্থা

Share

নিউজ ডেস্ক,২৯ অক্টোবৰঃ আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই ১ নৱেম্বৰ মঙলবাৰৰ পৰা তেজপুৰ নগাঁও সংযোগী কলীয়াভোমোৰাৰ দ্বিতীয়খন দলঙেৰে আৰম্ভ হ’ব যাতায়াত । আৰু সেই দিনাৰ পৰাই ১৯৮৭ত মুকলি কৰা কলিয়াভোমোৰা দলংখনেৰে সকলো যাতায়াত বন্ধ হ’ব।

উল্লেখ্য যে,শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই তেজপুৰস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলনকক্ষত বিয়লি ৪-৩০ বজাত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰি কৰে ৷                                                                                                                                                              চাৰিলেনযুক্ত পথৰ প্ৰকল্পৰ অধীনত তেজপুৰ নগাঁও সংযোগী স্থানত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে দ্বিতীয়খন দলং। আনহাতে, যোৱা ৩৫বছৰে ব্যৱহাৰ হোৱা পুৰণি কলিয়াভোমোৰা দলংখন মেৰামতিৰ বাবে পহিলা নৱেম্বৰৰ পৰা বন্ধ ৰখা হ’ব। বৰ্তমান দ্বিতীয় দলংখন নিৰ্মাণৰ দায়িত্বত থকা কোম্পানীটোৱেই মেৰামতিৰ কাম আৰম্ভ কৰিব আৰু এমাহৰ ভিতৰত দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ হ’ব। এই সময়চোৱাত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথেৰে চলাচল কৰা যান-বাহনসমূহ কলিয়াভোমোৰাৰ দ্বিতীয়খন অর্থাৎ নতুন দলংখনেৰে চলাচল কৰিবলৈ অনুমতি দিয়া হৈছে। লগতে পুৰণি দলংখনৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ পাছতেই নৱ-নির্মীত দ্বিতীয়খন দলঙৰো আনুষ্ঠানিক উদ্বোধন হোৱাৰ সম্ভাৱনা আছে। তদুপৰি সংবাদ মেলত ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন পৰিসীমিতৰ তেজপুৰস্থৰ উপ মহাপ্রবন্ধক বিবেক যোশীয়েও অংশগ্রহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *