মুখ্যমন্ত্ৰীৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব নিযুক্তি পত্ৰ বিতৰণ সমাৰোহ

Share

নিউজ ডেস্ক,২৯ অক্টোবৰঃ ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আজি গুৱাহাটী পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ ১২ বাজি ৩০ মিনিটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুঠ ৬৫৫ গৰাকী নৱনিৰ্বাচিত হোৱা  প্ৰাৰ্থীক নিযুক্তি সমাৰোহ অনুষ্ঠানত বিতৰণ কৰিব নিযুক্তি পত্ৰ।
  উল্লেখযোগ্য যে, অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা, জলসিঞ্চন বিভাগকে ধৰি মুঠ ১১টা চৰকাৰী বিভাগত নিৰ্বাচিত মুঠ ৬৫৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ইয়াৰে ভিতৰত কৰ্মচাৰী বিভাগত ১২০ জন, গৃহ বিভাগত ৬৯ জনক নিযুক্তি পত্ৰ দিয়াৰ উপৰিও বিত্ত বিভাগত ৩৩ জন, পৰিবহণ বিভাগত ৫ জন, শ্ৰমিক কল্যাণ বিভাগত ১৮ জন, জলসিঞ্চন বিভাগত ৩২৫ জন, আবকাৰী বিভাগৰ ৭ জন, পঞ্চায়ত আৰু গ্ৰামোন্নয় বিভাগত ৩৩ জনক নিযুক্তি দিব। লগতে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ৪ জন, ৰাজহ আৰু দুৰ্যোগ বিভাগত ৩১ জন, উদ্যোগ আৰু বাণিজ্য বিভাগত ১০ জনে লাভ কৰিব নিযুক্তি পত্ৰ। 

 

Leave a Reply

Your email address will not be published. Required fields are marked *