চিত্ৰশিল্পীৰ হাতৰ পৰশত জালুকবাৰীত প্ৰাণ পাই উঠিল ‘শংকৰ যোছেফ আলী’

Share
নিউজ ডেস্ক, চিত্ৰশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল ‘শংকৰ যোছেফ আলী’ । জালুকবাৰীৰ উৰণীয়া সেঁতুৰ দেৱালত অংকন ‘শংকৰ যোছেফ আলী’।  জালুকবাৰী উৰণীয়া সেঁতুত  নিপন গোস্বামীৰ স্মৃতিত অংকন কৰিছে এই ছবি। নিশাটোৰ ভিতৰতে অংকন কৰিছে এই ছবি । চিত্ৰশিল্পী জিণ্টুমণিয়ে অংকন কৰিছে বিশেষ ছবিখন।  
ছবিৰ লগত জিন্টুমণিয়ে লিখিছে, “জানো, শংকৰ যোছেফ আলিয়ে অট’খন লৈ ক’লৈনো গুছি গ’ল…Tribute to Nipon Goswami”। নিপন গোস্বামীৰ ছবিৰ লগতে উক্ত শাৰীৰে স্মৰণ কৰিছে শিল্পীগৰাকীৰ কৰ্মৰাজী ও অসমীয়া চলচিত্ৰত তেওঁৰ অৱদান।

ওৰে নিশাৰ প্ৰচেষ্টাৰ অন্তত জিন্টুমণিয়ে এই ছবি অংকন কৰিছে । জালুকবাৰী উৰণীয়া সেঁতুৰ এই বিশেষ ছবিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *