লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে অসম চৰকাৰৰ লাচিত বৰফুকন এপ আৰু পৰ্টেল মুকলি

Share

নিউজ ডেস্ক ,মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। জনতা ভৱনত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী গৰাকীৰ। বিশেষ এপ আৰু পৰ্টেল মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত কৰা হয় এক বিশেষ অনুষ্ঠান। উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । ২৪ নবেম্বৰ তাৰিখে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ‘লাচিত বৰফুকন এপ’ নামৰ এটা বিশেষ এপ আৰু পৰ্টেল মুকলি কৰে ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই এপৰ জৰিয়তে লাচিত বৰফুকনৰ বীৰত্বৰ গাঁথা নতুন প্ৰজন্মলৈ কেনেকৈ নিব পাৰি, এই কথাবোৰত মনৰ ভাৱ প্ৰকাশ কৰি এই এপত ৰাইজে আপল’ড কৰিব পাৰিব। দেশ – বিদেশত থকা প্ৰতিজন অসমীয়াই ইয়াত সুযোগ লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *