নিউজ ডেস্ক,১৯ অক্টোবৰঃ অসম চৰকাৰৰ দ্বাৰা নিযোজিত চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত ভিক্টৰ দাসৰ ইনষ্টিটিউটৰ পৰা উত্তীৰ্ণ হৈছে এহেজেৰতকৈও অধিক পৰীক্ষাৰ্থী ।
মঙলবাৰে নিশা কামৰূপস্থিত দদৰাত নিজ বাসগৃহত উপস্থিত হৈ এই সন্দৰ্ভত সাংবাদিকৰ সন্মুখত ভিক্টৰ দাসে প্ৰকাশ কৰিলে,”মই জেনুইন মানুহ, মই ভাগৰা নাই ।”
উল্লেখ্য যে , ২৬ হাজাৰ পদৰ বাবে অনুষ্ঠিত হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত ধনৰ লেনদেন অভিযোগত ভিক্টৰ দাস গ্ৰেপ্তাৰ হৈছিল যদিও পিছত জামিনত মুক্তি পাইছিল ভিক্টৰ দাসে ।
তদুপৰি জামিন লাভ কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীক পাঠদান দিবলৈ আৰম্ভ কৰিছে ভিক্টৰ দাসে ।