নিউজ ডেস্ক, এগৰাকী সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপিকা, নৃত্য শিল্পী, মডেল হিচাপে দেশ বিদেশত পৰিচিত ডঃ দীপালী দাসৰ দেহাৱসান । মংগলবাৰে চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । গুৱাহাটীৰ জুৰোডৰ নিৱাসী ডঃ দীপালী দাস বিগত ছমাহ ধৰি যকৃতৰ জটিল ৰোগত ভুগি আছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ ।
দক্ষিণ কামৰূপ মহাবিদ্য়ালয়ৰ প্ৰাণী বিভাগৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ দীপালী দাস অসমৰ নাৰী সৱলীকৰণ আন্দোলনৰ অন্য়তম নেত্ৰী আছিল । তেওঁৰ মৃত্যুৰ খৱৰে দক্ষিণ কামৰূপ মহাবিদ্য়ালয়ৰ শিক্ষাৰ্থীসকলৰ মাজতো গভীৰ শোকৰ ছাঁ পেলাইছে । মংগলবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত তেখেতৰ শেষকৃত্য় সম্পন্ন কৰা হয় ।মৃত্যুৰ সময়ত তেখেতে স্বামী অৱসৰপ্ৰাপ্ত অনুপ চক্ৰৱৰ্তী, দুজন পুত্ৰ, বোৱাৰীৰ লগতে আত্মীয় স্বজনক এৰি যায় ।
ডঃ দীপালী দাস এগৰাকী লেখিকা, অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী প্ৰসিদ্ধ নৃত্য শিল্পী আছিল । ডঃ দীপালী দাসে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ আফ্ৰিকা, ছিংগাপুৰ আৰি বাংলাদেশতো সন্মান বুটলিবলৈ সক্ষম হৈছিল ।