নিষিদ্ধ ঘোষিত পি এফ আই সংগঠনৰ নেতাক সাক্ষাৎ কৰিবলৈ জেলত উপস্থিত শ্বেৰমান আলি আহমেদ 

Share

বৰপেটা জিলাত কাৰবন্দী হৈ থকা ধৃত আছিফ ইকবালক লগ কৰাৰ অনুমতি প্ৰদান নকৰিলে বাঘবৰ সমস্টিৰ বিধায়ক শ্বেৰমান আলি  আহমেদক। দেওবাৰে নিয়মৰ বিৰুদ্ধে আৰু সময়তকৈ  বিলম হোৱা বাবে সাক্ষাতৰ নিৰ্দেশ নিদিলে কাৰাগাৰ অধীক্ষকে শ্বেৰমান আলিক।দেশবিৰেধী কাৰ্য্যকলাপত লিপ্ত থকাৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰে  নিষিদ্ধ ঘোষিত কৰা পি এফ আই সংগঠনক বৰপেটা জিলাৰ লগতে নামনি অসমৰ  কেইবাখনো জিলাৰ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।কাৰাগাৰত বন্দী হৈ  থকা পি এফ আই নেতা  আচিফ ইকবালক  ভালদৰে চোৱাচিতা কৰিবলৈ কাৰাগাৰৰ অধীক্ষকক  অনুৰোধ জনায় কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদে।এই নিষিদ্ধ ঘোষিত সংগঠনৰ নেতাক এজন বিধায়কে  কাৰাগাৰত  সাক্ষাৎ  কৰিবলৈ যোৱাৰ কথাই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃস্টি কৰিছে।ইয়াৰোপৰি, বিধায়ক  আহমেদে পি এফ আই ৰ পক্ষত অৱস্থান কৰা বুলি  ৰাইজৰ  মাজত এতিয়া বিতৰ্কিত চৰ্চা হৈ পৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *