শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন

Share

গুৰু বন্দনাৰে মুখৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমন্বয় ক্ষেত্ৰ।বিগত ১৯ নৱেম্বৰৰত লাইখুঁটা স্থাপনৰ পিছতে তীব্ৰ গতিত চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি পৰ্ব। উদুলি -মুদুলি পৰিৱেশে বিৰাজমান কৰিছে ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমন্বয় ক্ষেত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয় , আধ্যাত্মিক,   সামাজিক আৰু সাংস্কৃতিক আদৰ্শৰ ভেটিত প্ৰতিষ্ঠিত ধৰ্ম -সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনখন আৰম্ভ হব ৮ ফেব্ৰুৱাৰীৰ পৰা।

উল্লেখ্য যে , ৰঙিয়াৰ সমীপৰ মৰাণজানা-ভইৰাৰ হাতীখোলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ।ইতিমধ্য ৯০ শতাংশৰো অধিক সম্পূৰ্ণ হৈছে অধিৱেশনৰ প্ৰস্তুতি।যোৱা ২৭ জানুৱাৰীত ডেৰ মাহৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হোৱা ৬০ ফুট দৈৰ্ঘৰ ৮৩ ফুট বহল মণিকুটত স্থাপন কৰা হৈছিল গুৰুথাপনা। এতিয়া মাজত মাথো কেইটামান দিন এনেদৰে দিনা –নিশাই তলিছে পূৰ্ণ প্ৰস্তুতি।প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ হৈছে মূল মণ্ডপৰ নিৰ্মাণকাৰ্য।লগতে চলিছে গ্ৰন্থমেলা আৰু বাণিজ্যমেলাস্থলীৰ নিৰ্মাণ কাৰ্য। অধিৱেশনৰ দিন চমূ চাপি অহাৰ লগে লগে প্ৰতিদিনাই হাজাৰ হাজাৰ আই –বাপৰ লগতে স্থানীয় ৰাইজৰ শ্ৰম দান কৰা দেখা গৈছে অধিৱেশনস্থলীত । 

Leave a Reply

Your email address will not be published. Required fields are marked *