প্ৰয়াত সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞি দেৱৰ ৯৩ সংখ্যক জন্মদিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৪ বৰ্ষৰ সাহিত্যক পেঞ্চন আৰু বঁটা প্ৰদান কৰে । ৰাজ্যৰ তিনি সাহিত্যিকক পেঞ্চন আৰু ২৮ গৰাকী সাহিত্যিক বঁটা আগবঢ়াই । শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত তেখেতে কয় যে কথাশিল্পী বৰগোহাঞিয়ে আধুনিক অসমৰ বৌদ্ধিক ক্ষেত্ৰখন প্ৰচুৰ পৰিমাণে সমৃদ্ধ কৰি গল আৰু সাহিত্যিক বঁটা লাভ কৰা সাহিত্যিক সকলক অভিনন্দন জ্ঞাপন কৰে । লগতে যি সকল ব্যক্তিয়ে চৰকাৰী পেঞ্চন লাভ কৰি আছে , সেই সকল সাহিত্যিক এইবাৰ সাহিত্যিক বঁটা আৰু তেওঁলোকলৈ ৫০ হেজাৰ টকা এককালীন পুঁজি আগবঢ়োৱা হৈছে বুলি তেখেতে কয় । প্ৰথমবাৰৰ বাবে সাহিত্যিক পেঞ্চনৰ সাল-সলনি ঘটাই সাহিত্যিক বঁটা আৰু সাহিত্যক পেঞ্চন কৰা হৈছে বুলি তেখেতে উল্লেখ কৰে । শনিবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ননী গোপাল মহন্ত , অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক দেবব্ৰত দাস , হোমেন বৰগোহাঞিৰ পুত্ৰ অধ্যাপক প্ৰদীপ্ত বৰগোহাঞি , কেইবাখনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰমুখ্যে বহু গুণী-জ্ঞানী ব্যক্তি । ২০২৪ বৰ্ষত ৰাজ্য চৰকাৰে সাহিত্যিকক পেঞ্চন প্ৰদান কৰা ব্যক্তিসকলৰ ভিতৰত শীলা মোহান্ত , দিলীপ কুমাৰ ফুকন , খগেন্দ্ৰ নাথ বৰাই আনহাতে সাহিত্যিক বঁটা প্ৰদান কৰা ব্যক্তিসকলৰ ভিতৰত ডিম্বেশ্বৰ শইকীয়া , ড০ ৰামচন্দ্ৰ ডেকা , এলিজা শৰ্মা , খৰ্গেশ্বৰ ভূঞা , গজেন্দ্ৰ অধিকাৰী , পৰিতোষ তালুকদাৰ , চিকাৰী তিছ , ঋতুৰাজ বসুমতাৰী , ড০ হিমাশি কুমাৰ ভট্টাচাৰ্য্য , হৰিদেৱ পাঠক , মিনতি দলে , পবিত্ৰ বৰবৰা , কৰুণাকান্ত ৰায় , জুলিয়ানা বেগম , ব্ৰজগোপাল সিনহা , চাৰু মোহন ৰাভা , গীতা দাস ,তৰুণচন্দ্ৰ শইকীয়া , ড০ অদিতি বেজবৰুৱা , মাণিক ৰাভা , ক্ষেমৰাজ নেপাল , কৰুণাকান্ত ৰায় , আদি শৰৎ চন্দ্ৰ চিৰিং ফুকন , দুলাল চন্দ্ৰ দাস আদি ।