মহা শিৱৰাত্ৰিত ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি মুকলি কৰা হ’ব নলবাৰীত

Share

নলবাৰীত নিৰ্মাণ কৰা  হৈছে অসমৰ আটাইতকৈ ওখ শিৱ মূৰ্তি। নলবাৰী জিলাৰ খাৰজাৰা আশ্ৰমৰ সমীপত নিৰ্মাণ কৰা হৈছে  শিৱ মূৰ্তিটো। শিৱমূৰ্তিটো প্ৰায় ৯১ ফুট উচ্চতাৰ। এই মূৰ্তিটো বিশ্বৰ ষষ্ঠতম উচ্চতম মন্দিৰ। এই সুুুউচ্চ শিৱ মূৰ্তিটো নলবাৰীৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ সহযোগত নিৰ্মাণ কৰি থকা হৈছে। প্ৰথম অৱস্থাত মূৰ্তিটোৰ  ৯১ ফুট নিৰ্মাণ কৰাৰ কথা নাছিল যদিও নিৰ্মাণ সময়ত ইয়াৰ উচ্চতা বৃদ্ধি কৰিব লগা হয়।

অহা ১৮ ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰিৰ দিনাই নলবাৰী ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে এই বিশাল শিৱমূৰ্তিটো মুকলি কৰা হ’ব বুলি উদ্য়োক্তাসকলে জানিবলৈ দিয়ে। মহাদেৱৰ এই সুউচ্চ মূৰ্তিটোৰ তলতেই জাক জমকতাৰে পালন কৰা হ’ব শিৱৰাত্ৰী। আৰ এছ এছ নেতা বশিষ্ঠ বুজৰবৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰিব মূৰ্তিটো। শিৱমূৰ্তিটোত বৰ্তমানলৈ ৩২ লাখ টকা খৰচ হৈছে যদিও আৰু ৬-৭ লাখ টকাৰ কাম বাকী থকা বুলি জানিবলৈ দিয়ে উদ্য়োক্তাসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *