নিউজ ডেস্ক,২৩ আগষ্টঃউত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ মুছুৰীৰ নানকাগড়ীৰ বাসিন্দা ৰাজ মিষ্ট্ৰী বিনোদৰ অষ্টম শ্ৰেণীত পঢ়া পুত্ৰ নীৰজক চুবুৰীটোতে বাস কৰা দশম শ্ৰেণীৰ ছাত্ৰ ওৰফে নীৰজৰ বন্ধুৱে ডিঙি চেপি হত্যা কৰে ৷
উল্লেখ্য যে,সোমবাৰে প্ৰায় চাৰি বজাত হত্যাকাৰী কিশোৰজনে নীৰজক দিল্লী-মীৰুট এক্সপ্ৰেছৱেৰ সমীপৰে এখন স্লেবলৈ লৈ গৈ ডিঙি চেপি হত্যা কৰি সেই স্থানৰ পৰা পলায়ন কৰে ৷ নীৰজক অচেনত অৱস্থাত দেখি আৰক্ষীক খবৰ দিয়ে পথচাৰী সকলে।
তদন্ত কাৰ্য্য আৰম্ভ কৰাৰ পিছত দুয়োকে একেলগে দেখা গৈছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰে । সেই সন্দেহৰ সন্দৰ্ভত ছাত্ৰজনক আটক কৰে আৰক্ষীয়ে। জেৰাত অভিযুক্ত ছাত্ৰই নিজৰ অপৰাধ স্বীকাৰ কৰে আৰু কয় যে – তেওঁ পঢ়া শুনা,বিদ্যা অৰ্জন এইসকলোৰে পৰা হাত সাৰি থাকিব বিচাৰিল তথা বিদ্যালয়খনৰ পৰা মুক্তি পাবলৈ জে’ললৈ যোৱাৰ বাবে পৰিকল্পনা কৰিছিল আৰু ইয়াৰ বাবেই নীৰজক হত্যা কৰিছিল বুলি আৰক্ষী সন্মুখত স্বীকাৰ কৰে ৷