ময়ো  দল সলাইছোঁ , কিন্তু  নীতিশ কুমাৰৰ দৰে নহয়ঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা 

Share

মহাৰাষ্ট্ৰৰ পাছতে পট পৰিৱৰ্তন বিহাৰৰ ৰাজনীতি । এদিনৰ ভিতৰতে চৰকাৰ সলনি কৰি নীতিশ কুমাৰ চৰকাৰে বিহাৰৰ ৰাজনীতিত ৰচিলে এক ইতিহাস । শেহতীয়াকৈ, বিজেপি – জেডিইউ মিত্ৰতাৰ মাজত ফাঁট মেলাৰ পৰিপ্ৰেক্ষিততে মঙলবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে আন কেইবাগৰাকী মন্ত্ৰী-বিধায়কে ৰাজভৱনত ৰাজ্যপালক সাক্ষাত কৰি দাখিল কৰিছিল পদত্যাগ পত্ৰ । পদত্যাগ দাখিলৰ এদিনৰ পাছতে বুধবাৰে RJD দলৰ সৈতে মিত্ৰতা স্থাপন কৰি পুনৰ বিহাৰৰ অষ্টমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে  নীতিশ কুমাৰে ।

লগতে উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে তেজস্বী যাদৱে । বিহাৰৰ এই ৰাজনৈতিক স্থিতি লৈ সমগ্ৰ দেশতে এক আলোড়ন সৃষ্টি হােৱা পৰিলক্ষিত হৈছিল ।পিছে এনে পৰিপ্ৰেক্ষিতত নীতিশ কুমাৰক কটাক্ষ কৰি মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰি কয় যে – “কোনে গেৰান্টী দিব পাৰিব যে তেওঁ এই মহাজোঁটবন্ধনৰ পৰা ওলাই নাযাব । ময়ো দল সলাইছোঁ, কিন্তু নীতিশ কুমাৰৰ দৰে নহয়। প্ৰত্যেক ৬ মাহৰ পাছতে দল সলনি কৰিব বিচৰা প্ৰত্যেকৰে বাবে তেওঁ মাৰ্গদৰ্শক” । 

Leave a Reply

Your email address will not be published. Required fields are marked *