বিজেপী ভৱন উদ্বোধনী সভাত ৭৫জন জ্যেষ্ঠ নেতা কৰ্মীক সম্বৰ্ধনা

Share

গুৱাহাটী,অক্টোবৰ৮,২০২২: আজি বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ নৱ নিৰ্মিত অটল বিহাৰী বাজপেয়ী ভৱন উদ্বোধন  কৰাৰ সময়ত উপস্থিত আছে  গৃহমন্ত্ৰী অমিত শ্বাহ আৰু  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডা । বাজপেয়ী  ভৱন মুকলিৰ পিছৰ কাৰ্যসূচী হিচাপে মুখ্যমন্ত্ৰী ড০  হিমন্ত বিশ্ব শৰ্মাই দলৰ সৰ্ব্বোচ্চ সেৱা আগবঢ়োৱা ৭৫জন জ্যেষ্ঠ দলীয় কাৰ্যকৰ্তাৰ ভৰি ধুৱাই সম্বৰ্ধনা জনায় । এই কাৰ্য্যসূচীত উপস্থিত  থাকে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জ্যেষ্ঠ ৰাষ্ট্ৰীয় নেতা অজয় জামোৱাল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ শৰ্মা আদিকে ধৰি বিশিষ্ট দলীয় ব্যক্তিসকল ।

Leave a Reply

Your email address will not be published. Required fields are marked *