নিউজ ডেস্ক, ২ জুলাইঃ অসমবাসীৰ বাবে এক দুঃখৱৰ। অসমৰ ঢুলীয়া সংস্কৃতিৰ অন্যতম ব্যক্তি তথা ডিব্ৰুগড়ৰ সন্তান তুলসী ওজাদেৱৰ পৰলোক প্ৰাপ্তি ঘটে। গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত তেখেতৰ দেহাৱসান হয়। ঢুলীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাত তেখেতে যথেষ্ঠ অৰিহনা আগৱঢ়াইছিল। তেখেতৰ এই বিয়োগ সমগ্ৰ অসমৰ বাবে এক অপূৰণীয় ক্ষতি।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি শিল্পীগৰাকীৰ শাৰিৰীকভাৱে অসুস্থ হৈ আছিল যদিও ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আহিছিল । শেহতীয়াকৈ শিল্পীগৰাকীৰ চিকিৎসা বাবে যাৱতীয় সকলো দ্বায়িত্ব গ্ৰহণ কৰি সহায়ৰ হাত আগৱঢ়াইছিল চৰাইদেউৰ বিশিষ্ট সমাজকৰ্মী ধৰ্মেশ্বৰ কোৱঁৰে।
প্ৰতিমা বৰুৱা পাণ্ডে ষ্মাৰক বঁটা আৰু শিল্পীৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল এইজনা মহান ওজাক। ঢোলবাদনেৰে প্ৰচুৰ সমাদৰ লাভ কৰিছিল তুলসী ওজাদেৱে। তেখেতৰ মৃত্যুত সমগ্ৰ অসমবাসীৰ লগতে অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমত শোক প্ৰকাশ কৰা দেখা গৈছে।