কোকৰাঝাৰত আৰম্ভ হ’ল বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশন

Share

 বৃহস্পতিবাৰৰ পৰা কোকৰাঝাৰ পাটগাঁৱৰ সৰলভাঙা নৈৰ পাৰত  আৰম্ভ হ’ল বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশন  ৷ মূল তোৰণ, সভাগৃহকে ধৰি বিভিন্ন দ্বাৰ উন্মোচনেৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ হৈছিল যদিও দিনটোৰ অনুষ্ঠানত বতৰেহে কিছু বিধিপথালি দিছিল ।কোকৰাঝাৰ চহৰৰ পৰা ৩০ কি.মি  নিলগৰ পাঠটগাৱৰ ৰাণী  খালাইশ্ৰী পথাৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে  আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয়  অধিবেশন ।

  ৬২ সংখ্যক কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ মূল তোৰণখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই । তাৰ  পিছতে মূল সভাঘৰ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি লৰেঞ্চ ইছলাৰীয়ে ৷ ইয়াৰ পিছত  প্ৰতিনিধি শিবিৰ, গ্ৰন্থমেলা, প্ৰতিনিধি হ’ল, প্ৰদৰ্শনী, স্বেচ্ছাসেৱকৰ শিৱিৰ আৰু ভোজনালয়কে ধৰি আন দহটাকৈ স্থানৰ দ্বাৰ মুকলি কৰে কেইবাগৰাকিও বিশিষ্ট ব্যক্তিয়ে৷

  লক্ষনীয় বিষয়তো হ’ল  যে,২৩ ফেব্ৰুৱাৰীৰে পৰা আৰম্ভ হোৱা বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক অধিবেশনথলীত এইবাৰ বহিঃৰাষ্ট্ৰ নেপাল, বাংলাদেশৰ প্ৰতিনিধি উপস্থিত থকাৰ লগতে  পশ্চিমবংগ, ত্ৰিপুৰা, অৰুণাচল আৰু ৰাজ্যখনৰ বিভিন্ন জিলাৰ তিনি হেজাৰ প্ৰতিনিধি উপস্থিত থাকিব ৷ আনহাতে  নতুন সমিতি গঠনকে ধৰি বড়ো সাহিত্য সভাৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ে প্ৰতিনিধি সভাত স্থান পাব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে উদ্যোক্তাসকলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *