নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰীঃৰাজ্যত পুনৰবাৰ সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে শিশু বলাৎকাৰৰ দৰে এক জঘন্য আৰু অমানৱীয় ঘটনা। এগৰাকী ৬ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা কৰা বুলি জানিব পৰা গৈছে। এই অমানৱীয় ঘটনাটো হাইলাকান্দিত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বলাৎকাৰ আৰু হত্যাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে আটক কৰে এটি ১৫ বছৰীয়া কিশোৰক।
আৰক্ষীয়ে অৱগত কৰে যে কিশোৰ জনে ঘৰৰ ওচৰৰে ৬ বছৰীয়া শিশুক বলাৎকাৰ কৰে আৰু ঘটনাৰ সকলোবোৰ প্ৰমাণ নষ্ট কৰাৰ চেষ্টা চলায় কিশোৰ জনৰ পিতৃয়ে।
জানিব পৰা মতে ৬ বছৰীয়া কণমানি শিশুটি ৯ ফেব্ৰুৱাৰীৰ পৰাই নিৰুদ্দেশ হৈ আছিল আৰু ১২ ফেব্ৰুৱাৰীত শিশুটিৰ মৃতদেহ টো উদ্ধাৰ হয়।