৫৯ সংখ্য়ক মিছ ইণ্ডিয়াৰ খিতাপ

Share

এইবাৰ ৰাজস্থানৰ সুন্দৰী কন্য়া নন্দিনী গুপ্তাৰ শিৰত উজলিল ৫৯ সংখ্য়ক ফেমিনা মিছ ইণ্ডিয়া ২০২৩ বৰ্ষৰ সৌন্দৰ্য মুকুট।উল্লেখযোগ্য় যে দেশৰ আগশাৰীৰ সৌন্দৰ্য প্ৰতিযোগিতা ফেমিনা মিছ ইণ্ডিয়া ২০২৩ বৰ্ষৰ এই চু়ডান্ত প্ৰতিযোগিতাৰ অনুষ্ঠান কালি মণিপুৰৰ ইম্ফলস্থিত ইন ডৰ ষ্টে়ডিয়াম খুনাম লামপাকত অনুষ্ঠিত হয় বহু প্ৰতীক্ষিত ফেমিনা মিছ ইণ্ডিয়া ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ বিজয়ী নন্দিনী গুপ্তাৰ নাম কালিৰ অনুষ্ঠানতে নন্দিনী গুপ্তাক এই সৌন্দৰ্য মুকুট পিন্ধালে যোৱা বৰ্ষৰ মিছ ইণ্ডিয়া ছিনী ছেট্ৰীয়ে ।ৰাজস্থানৰ এই গৰাকী সুন্দৰীয়ে কালি এটা কলা গাউন পৰিধানেৰে চূ়ডান্ত প্ৰতিযোগিতা খনৰ ৰেম্পৱাকেৰে মঞ্চত জিলিকি উঠিছিল।

ৰাজস্থানৰ বাসিন্দা নন্দিনী গুপ্তাই নিজৰ অধ্য়য়ন ৰাজস্থানতে কৰিছিল ।লালা লাজপট ৰায় কলেজৰ পৰা বিজনেছ মেনেজমেন্টত অধ্য়য়ন সমাপ্ত কৰা নন্দিনী সৰুৰে পৰা ফেমিনা মিছ ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ সুন্দৰী হোৱাৰ সপোন দেখিছিল আৰু অৱশেষত তেওঁৰ সেই সপোন পূৰ্ণ হল।

মাত্ৰ ১৯ বছৰ বয়সতে এই সৌন্দৰ্য খিতাপ অৰ্যন কৰিলে। এতিয়া দেশবাসীৰ অপেক্ষা মাথো আন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰি ভাৰতলৈ  গৌৰৱ কঢিয়াই অনা

Leave a Reply

Your email address will not be published. Required fields are marked *