অভি-নীল হত্যাকাণ্ডৰ ৫ টা বছৰ! ন্যায়ৰ অপেক্ষাত এতিয়াও দুটি পৰিয়াল

Share

অসমৰ ইতিহাসৰ এক ক’লা অধ্যায়। পাঁচ বছৰ পূৰ্বে আজিৰ দিনটোতেই কাৰ্বি আংলং জিলাৰ ডকমোকাত সংঘটিত হৈছিল বৰ্বৰ হত্যাকাণ্ড। আজি অভি-নীল হত্যাকাণ্ডৰ ৫ টা বছৰ। কিন্তু আজিও ন্যায়ৰ অপেক্ষাত সেমেকি আছে নীল-অভিৰ পিতৃ-মাতৃৰ চকুজুৰি। এয়া ২০১৮ চনৰ ৮ জুনৰ কথা। আজিৰ দিনটোতেই গণপ্ৰহাৰত প্ৰাণ গৈছিল দুই প্ৰতিভাৰ আৰু মৃত্যু হৈছিল অভিজিত নাথ আৰু নীলোৎপল দাসৰ।

এই হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে ইতিমধ্যে ৪৭ জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰ কৰি আছে। এই ঘটনাৰ ন্যায়িক যুঁজ এতিয়াও অব্যাহত আছে।

অতি নিৰ্মম ভাৱে একাংশ মানৱ ৰূপী দানৱে হত্যা কৰিছিল এই দুইজন প্ৰতিভাৱান যুৱকক। এই হত্যাকাণ্ড ইমানেই বৰ্বৰ আছিল যে, কেৱল ৰাজ্য বা দেশ নহয় সমগ্ৰ বিশ্ব জোকাৰি গৈছিল এই ঘটনাই। বন্ধৰ দিনত গুৱাহাটীৰ পৰা ডকমোকালৈ ফুৰিবলৈ যোৱা অভি-নীল ঘূৰি নাহিল পুনৰ ঘৰলৈ। সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰত মৃত্যুবৰণ কৰিছিল দুয়োজনে।  

Leave a Reply

Your email address will not be published. Required fields are marked *