৫ জনগোষ্ঠীক  খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি ! ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Share

গুৱাহাটী, ৬ জুলাইঃ কালি জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাচঁ জনগোষ্ঠীক  খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰে। গৰীয়া, মৰিয়া, দেশী, জলাহ আৰু ছৈয়দ জনগোষ্ঠীৰ ইছলাম ধৰ্মী লোকক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়া হয়। ঈদৰ পূৰ্বে  খিলঞ্জীয়া মুছলমানলৈ সুখৱৰ। চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায় বিভিন্নজনে। 

তদুপৰি বৈঠকত  মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কেশৱ মহন্তই  সংবাদ মেল সম্বোধন কৰি সিদ্ধান্ত সমূহৰ বিষয়ে সদৰি কৰে। স্বাস্থ্য সেৱা, সাংস্কতিক পৰিচয়, শিক্ষা বিত্তীয় অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সবলীকৰণ ক্ষেত্ৰত সৰ্বাংগীন বিকাশ নিশ্চিত কৰিব বুলি সংবাদমেলত মন্তব্য কৰে মন্ত্ৰীদ্বয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *