ৰাজ্যত ৪৮  ঘণ্টীয়া চকা বন্ধ

Share

নিউজ ডেস্ক ,২৮ মাৰ্চঃ আজিৰে পৰা দুদিনীয়াকৈ ভাৰত বন্ধৰ আহ্বান জনায় কেন্দ্ৰীয় ট্ৰেড  ইউনিয়নৰ যৌথ ফৰামে । বৰ্তমান সমগ্ৰ দেশজুৰি এই ভাৰত বন্ধৰ নিশ্রিত প্ৰভাৱ দেখিবলৈ পোৱা গৈছে।কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ নীতিৰ বিৰুদ্ধে এই বন্ধৰ আহবান জনোৱা হৈছে।পুৱাৰে পৰা ৰাজ্যজুৰি ৪৮ ঘণ্টীয়া চকা বন্ধৰ প্ৰভাৱ । সমস্যাত পৰিছে  শিক্ষাৰ্থীসকল। অত্যাধিক জৰিমনা বিহা, কৰ কাটলৰ পৰিমাণ বৃদ্ধি কৰা, মটৰ  শ্ৰমিকৰ কল্যাণৰ ব্যৱস্থা নকৰাত
মটৰ শ্ৰমিক সন্থাই এই বন্ধৰ আহবান জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। এই বন্ধৰ ফলত সকলোবোৰ বানিজ্যিক বাহনৰ চলাচল বন্ধ দেখিবলৈ পোৱা গৈছে। লগতে বেংক আৰু অন্যান্য ব্যৱসায় প্ৰতিস্থান সমূহো বন্ধ ৰখা হৈছে। পৰীক্ষাৰ্থী আৰু অন্যান্য অত্যাৱশ্যকীয়  সেৱাৰ লগত জড়িত লোকসকলক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে। যদিও পৰীক্ষাৰ্থীসকলক বন্ধৰ পৰা ৰেহাই দিয়া হৈছে,বানিজ্যিক বাহনৰ চলাচল বন্ধ হোৱাৰ বাবে সময়মতে পৰীক্ষাৰ্থীসকল পৰীক্ষাকেন্দ্ৰত উপস্থিত হোৱাত কিছু পৰিমাণে অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। 
     একেদৰেই গুৱাহাটী মহানগৰীতো ৪৮ ঘণ্টীয়া চকা বন্ধৰ প্ৰভাৱ বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে। চৰকাৰী কৰ্মচাৰীসকল যি সকলৰ  ব্যক্তিগত বাহন নাই, তেওঁলোক নিজ নিজ কৰ্মস্থলীলৈ যোৱাত বিশেষভাৱে অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *