জিএমচিএইচৰ হৃদয়-বক্ষ-স্নায়ু বিজ্ঞান কেন্দ্ৰত ৩৯৮ ৰোগীৰ চিকিৎসা

Share
ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুন সংযোজনেৰে সোমবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন হোৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় অধীনৰ ‘হৃদয়-বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ’ ( চি এন চেন্টাৰ) মংগলবাৰে পুৱাৰে পৰা অ’পিডি সেৱা আৰম্ভ হৈছে। অ’পিডি সেৱা মুকলিৰ প্ৰথম দিনটোতেই চিকিৎসা গ্ৰহণৰ বাবে যথেষ্ট সংখ্যক লোকৰ আগমন ঘটা পৰিলক্ষিত হৈছে।
ইফালে, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মংগলবাৰে পুৱা ১০.৩০ বজাতে চি এন চেন্টাৰত উপস্থিত হৈ ৰোগীৰ বাবে উপলব্ধ চিকিৎসা সেৱাকে ধৰি ৰোগী, আত্মীয়, সেৱাৰত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰে মত বিনিময় কৰে। নতুন ছুপাৰ স্পেচিয়েলিটী হাস্পতালখনত হৃদৰোগ আৰু স্নায়ুৰোগত আক্ৰান্ত ৰোগীসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ উন্নতমানৰ, সুলভ চিকিৎসা সেৱা লাভ কৰিব পাৰে, সেয়া প্ৰথম দিনাৰ পৰাই সুনিশ্চিত কৰিবলৈ মন্ত্ৰী মহন্তই বৈঠকত চি এন চেন্টাৰৰ সঞ্চালক , প্ৰশাসনিক বিষয়া, বিভাগীয় মুৰব্বী তথা অধ্যাপক বিশেষজ্ঞ চিকিৎসক সকলোকে আহ্বান জনায়।
চি এন চেন্টাৰৰ সঞ্চালক ডাঃ বৈশ্য  আৰু প্ৰশাসনিক বিষয়া কৰ্ণেল ডাঃ মেধিয়ে জনোৱা মতে, প্ৰথম দিনা মুঠ ৩৯৮ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ বহিঃবিভাগৰ চিকিৎসা সেৱা গ্ৰহণ কৰে আৰু তিনিগৰাকী ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *