২১অক্টোবৰ,২০২১: টি-২০ বিশ্বকাপৰ পাছতে বিৰাট কোহলীয়ে এৰিব ভাৰতীয় টি-২০ ক্ৰিকেট দলৰ অধিনায়ক পদ। অধিনায়ক হিচাপে এইটোৱে হ’ব কোহলীৰ অন্তিম টি-২০ বিশ্বকাপ। কোহলীয়ে ইতিমধ্যে নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক।ভাৰতে ২৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন খেল আৰম্ভ কৰিব যদিও প্ৰতিযোগিতাখনৰ পিছত ভাৰতৰ টি-২০ দলক কোনে নেতৃত্ব প্ৰদান কৰিব তাক লৈ চৰ্চা আৰম্ভ হৈছে।
এই ধৰণৰ চৰ্চা চলি থকাৰ মাজতে BCCIৰ এজন বিষয়াই কয় যে টি-২০ বিশ্বকাপৰ পিছত ভাৰতীয় দলক নেতৃত্ব দিব ৰোহিত শৰ্মাই। কিন্তু প্ৰতিযোগিতাৰ শেষতহে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব।