ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা-২০২২ত বহুকেইখন বিদ্যালয়ৰ ফলাফল ‘শূন্য শতাংশ হোৱাৰ পাছত বিদ্যালয়সমূহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাইমাদ্ৰাছা পৰীক্ষাত শূন্য শতাংশ ফলাফলৰ বাবে ৰাজ্যৰ শিক্ষাখণ্ডই অতি শীঘ্ৰেই ৩৪ খন বিদ্যালয় বন্ধ কৰিব। চৰকাৰে ৩৪ খন চৰকাৰী /প্ৰাদেশীকৃত বিদ্যালয় আৰু ৫৭ খন স্বীকৃতি ভেঞ্চাৰ স্কুলৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰিব।
উল্লেখযোগ্য যে ২০২২ চনৰ ১৭ জুলাইত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্য ফলাফল দেখুওৱা বিদ্যালয় সমূহ চলিত বৰ্ষৰ ভিতৰত আন বিদ্যালয়সমূহৰ সৈতে একত্ৰিত কৰাৰ দিছিল চৰকাৰে। এই বিদ্যালয় সমূহৰ এতিয়াৰ পৰা কোনো নিজা পৰিচয় নাথাকিব। কৰ্তৃপক্ষই এই ৩৪ খন বিদ্যালয়ক তেওঁলোকৰ ওচৰৰ বিদ্যালয় সমূহৰ সৈতে একত্ৰিত কৰিব লাগিব। বন্ধ হ’বলগীয়া বিদ্যালয়সমূহৰ জিলা সমূহ হ’ল কাছাৰ, চিৰাং ,দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ, কাৰ্বি আংলং , কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, নলবাৰী আৰু পশ্চিম কাৰ্বি আংলং জিলা।