পুনৰ প্ৰকাশ পালে ৩২ হাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন

Share

অসমত চৰকাৰী চাকৰি প্ৰাৰ্থীসকলৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৩২ হাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰে। এক টুইটযোগে মুখ্যমন্ত্ৰীয়ে ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ৩২,০০০ চৰকাৰী চাকৰি মুকলি কৰাৰ কথা ঘোষণা কৰে। বিভিন্ন বিভাগৰ বাবে অসম চৰকাৰৰ অধীনত চৰকাৰী চাকৰি ১০ ছেপ্টেম্বৰৰ ভিতৰত মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে টুইটযোগে জনায়। ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসম চৰকাৰে ২০২৩ চনৰ ভিতৰত অসমৰ যোগ্য প্ৰাৰ্থীসকলক আৰু ১ লাখ চৰকাৰী চাকৰি নিযুক্তি প্ৰদান কৰিব।  প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লক্ষ্যৰে অসম চৰকাৰে পুনৰ ৩২ হাজাৰ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।  

উল্লেখ্য যে, অসম চৰকাৰৰ অধীনত গৃহ, স্বাস্থ্য আৰু এফডব্লিউ, শিক্ষা, পি আৰু আৰডি, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ দৰে বিভিন্ন বিভাগত খালী পদ সমূহ ৰ ভিত্তিত বিজ্ঞাপন মুকলি কৰিছে। 

 প্ৰাৰ্থীসকলে গৃহত ৪০৯৭ টা খালী পদ, স্বাস্থ্য আৰু এফডব্লিউত ৫১০৫ টা খালী পদ, শিক্ষাত ১০২৯৯ টা খালী পদ, পি এণ্ড আৰডিত ১১৭৬ টা খালী পদ, তৃতীয় শ্ৰেণীত ৭০৭৩ টা খালী পদ আৰু  চতুৰ্থ শ্ৰেণীত ৪৯৩৯ টা খালী পদৰ বাবে  প্ৰাৰ্থীসকলে আৱেদন কৰিব পাৰিব। 

প্ৰাৰ্থীসকলক বিভিন্ন বিভাগ আৰু পদৰ বাবে যোগ্যতাৰ চৰ্ত, আবেদন প্ৰক্ৰিয়া, বাছনি প্ৰক্ৰিয়া, আৰু অন্যান্য নিযুক্তিৰ চৰ্ত পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে যাতে প্ৰাৰ্থীসকলে খালী পদবোৰ মুকলি কৰাৰ সময়ত আবেদন কৰিবলৈ সক্ষম হয়। 

Leave a Reply

Your email address will not be published. Required fields are marked *