এ পি ডি চি এলৰ নিযুক্তি কেলেংকাৰী ত 10 জন অভিযুক্তক আটক 

Share

 সুভাশ্ৰী বাৰিক,২৫ ছেপ্টেম্বৰঃ  অসম শক্তি বিতৰণ নিগম লিমিটেড   (APDCL)ৰ নিযুক্তি পৰীক্ষা কেলেংকাৰী (APDCL Appointment Scam) ৰ তদন্তৰ অংশ হিচাপে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ১০ জন লোকক আটক কৰিছে। সংবাদমাধ্যমত প্ৰকাশিত বাতৰি মতে ২০০৬ চনৰে পৰা এপিডিচি এলৰ বিশেষ কৰ্তব্য ৰত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা দীপাংকৰ দিহিঙীয়াক আটক কৰা হৈছে।অভিযোগ অনুসৰি এপিডিচি এলৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ‘নেইকম ইম্প্ৰেছন্ছ  ‘নামৰ প্ৰতিষ্ঠানটোক  দায়িত্ব দিয়াত মূল ভূমিকা গ্ৰহণ কৰিছিল দীপাংকৰ দিহিঙীয়াই।

দীপাংকৰ দিহিঙীয়াৰ লগতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শশাংক শইকীয়া,ত্ৰিদিৱ শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষি  বেবীলন কাকতিৰ লগতে ‘নেইকম ইম্প্ৰেছনছ’ ৰ কংকণ শৰ্মা, কৌশিক দাস, বিশ্বজিৎ বৰ্মন, দুলুমনি ডেকা, জয়ন্ত ডেকা আৰু ফাৰহা আলমক গ্ৰেপ্তাৰ কৰে। আটাইকেইজনকে দিছপুৰ, বশিষ্ঠ, হাতীগাঁও,লতাশিল, সাতগাওঁ, জালুকবাৰী আৰু লংকেশ্বৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *