বিশাল স্বপ্ননীলৰ পাছত এইবাৰ আৰক্ষীৰ জালত ৰঞ্জিত কাকতি

Share

শ্বেয়াৰ মাৰ্কেটত বিনিয়োগৰ নামত কোটি টকাৰ লুণ্ঠন চলোৱা ইটোৰ পিছত সিটো  প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শেহতিয়াকৈ মঙলবাৰৰ দিনটোত প্ৰায় ১০ৰ অধিক এনে প্ৰৱঞ্চকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগৰ নামত  গ্ৰাহকৰ কোটি কোটি টকাৰ লুণ্ঠন উজনি অসমৰ আন এগৰাকী প্ৰৱঞ্চক ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। ট্ৰেডিং FX নামৰ প্ৰতিষ্ঠান যোগে বহুজনৰ গ্ৰাহকৰ কোটি টকা আত্মসাত কৰাৰ অভিযোগ আছে ৰঞ্জিত কাকতিৰ ওপৰত।

আনহাতে বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ জালত পেলোৱাত সহায় তথা গ্ৰহকৰ যোগান ধৰা অভিনেত্ৰী তথা ক’ৰিঅগ্ৰাফাৰ চুমি বৰা বৰ্তমানো পলাতক। নিজৰ ফোন অফ কৰি সংগিত শিল্পী দীক্ষু শৰ্মাৰ ঘৰত আত্মগোপন কৰি থকা বুলি গ’ম পোৱা গৈছে যদিও আটক কৰিব পৰা নাই আৰক্ষীয়ে। বিপদৰ আগজাননী পাই চুবুৰীয়া দেশ নেপাললৈ পলাই যোৱাৰ সন্দেহ কৰিছে একাংশই।

আনফালে দিনযোৰা চলা জেৰাৰ অন্ততত মঙলবাৰে গ্ৰেপ্তাৰ কৰা স্বপ্ননীল দাসৰ গুৱাহাটী আৰু শিৱসাগৰস্থিত কাৰ্যালয় ছীল কৰিছে আৰক্ষীয়ে। ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে ধৃত স্বপ্ননীলৰ তৃতীয়খন বাহন। জালুকবাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে  স্বপ্ননীলৰ বগা ৰঙৰ মাৰ্চিডিজ বাহনখন। ছেবিৰ অনুমতি আৰু নীতি-নিয়ম উলংঘা কৰি স্বপ্ননীলে কম সময়ৰ ভিতৰত অধিক টকাৰ সপোন দেখুৱাই কেইবা কোটি টকা আত্মসাতৰ কৰাৰ অভযোগ উত্থাপন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *