শীঘ্ৰে জাৰী কৰা হ’ব অসমৰ সাংস্কৃতিক মানচিত্ৰ

Share

গুৱাহাটী, ১২ ডিচেম্বৰঃ অসমত শীঘ্ৰে ৰাজ্য চৰকাৰে জাৰী কৰিব এখন সাংস্কৃতিক মানচিত্ৰ। অসমৰ জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক বৈচিত্ৰ তথা পৰম্পৰা সামৰি নিৰ্মাণ কৰি উলিওৱা হ’ব এই সাংস্কৃতিক মানচিত্ৰ। সাংস্কৃতিক পৰম্পৰাৰ চহকী বহু দৃষ্টিভংগী আৰু ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠীৰ ঐতিহ্যক নথিভুক্ত কৰাৰ লক্ষ্যৰে “অসম জনগোষ্ঠীয় কলা আৰু সাংস্কৃতিক মানচিত্ৰ” নিৰ্মাণৰ বাবে যোৱা ১১ ডিচেম্বৰত ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এখন সাধাৰণ উপদেষ্টা সমিতিৰ উদ্বোধনী সভা অনুষ্ঠিত কৰে ।উক্ত সভাত মানচিত্ৰ নিৰ্মাণৰ কাম কৰিবলৈ ৩খন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে, এই প্ৰকল্পটো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমিতিৰ তত্বাৱধানত সমাপন কৰা হব।

ৰাজ্য চৰকাৰে সাংস্কৃতিক মানচিত্ৰ নিৰ্মাণৰ বাবে প্ৰতিখন জিলাৰ জাতি-জনগোষ্ঠীৰ পৰম্পৰা, ৰীতি-নীতি আৰু ঐতিহ্য সংগ্ৰহ কৰাৰ সমান্তৰালভাৱে অৰ্থনৈতিক দিশসমূহ মানি চলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। তদুপৰি, জিলাভিত্তিক সাংস্কৃতিক মানচিত্ৰ এখন জাৰী কৰাত নিৰ্মাণ সমিতিৰ বিষয়াসকলৰ মূল্যৱান পৰামৰ্শক গুৰুত্ব প্ৰদান কৰিছে। ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকসলে অংশ গ্ৰহণ কৰে। অসমত ২০০ৰো অধিক জাতি-জনগোষ্ঠীয় লোকৰ বাসস্থান বুলি জনা যায়। সেই উদ্দেশ্যে অসমৰ প্ৰতিটো জাতি,জনজাতিৰ এখন সাংস্কৃতিক মানচিত্ৰ  জাৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যিয়ে অসমৰ প্ৰতিটো বৈচিত্ৰময় জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰা, ঐতিহ্য তথা ইতিহাসৰ এক ব্যাপক আৰু পদ্ধতিগত নথিপত্ৰ হিচাপে কাম কৰিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *