অসমীয়া প্ৰতিদিনৰ দিল্লীৰ ব্যুৰ চীফ আশীষ গুপ্তক বঁটা প্ৰদান

Share

অসমীয়া প্ৰতিদিন কাকতৰ নতুন দিল্লীৰ ব্যুৰ চীফ আশীষ গুপ্তলৈ আগবঢ়োৱা হৈছে “ক্লাইমেট ৱাৰিয়ৰ বঁটা”। বাংলাদেশত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হয়।সাংবাদিকতাৰ সৈতে জড়িত হৈ থকা আশীষ গুপ্ত অসমীয়া প্ৰতিদিন কাকতৰ উপৰিও তেওঁ দুৰদৰ্শনৰ বাতৰি অনুষ্ঠান খাছ খবৰ আৰু বাংলাদেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে।

তেওঁ এগৰাকী  মানৱ অধিকাৰী কৰ্মী হিচাপে পৰিচিত।বাংলাদেশৰ গাইবন্ধা জিলাৰ কুণ্ডেৰচৰত জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত ৰাজহুৱা শুনানিৰ অনুষ্ঠানত অনুষ্ঠিত হোৱা চাউথ এছিয়ান ক্লাইমেট চেঞ্জ জাৰ্ণেলিষ্ট ফৰামৰ সভাপতি হিচাপে আশীষ গুপ্তক এই বঁটা প্ৰদান কৰা হয়।তেওঁক এই বঁটা প্ৰদান কৰে বাংলাদেশৰ দুৰ্যোগ প্ৰশমন  বিভাগৰ ৰাজ্যিক  মন্ত্ৰী এনামুল ৰহমানে।

Leave a Reply

Your email address will not be published. Required fields are marked *