অসম আৰক্ষীৰ চৰম ব্যৰ্থতা

Share

পুনৰ আন এক চৰম ব্যৰ্থতা প্ৰকাশ পালে অসম আৰক্ষীৰ। সমগ্ৰ দেশ জোকাৰি যোৱা গুৱাহাটীৰ চাঞ্চল্যকৰ ডাৱল মাৰ্ডাৰ কেছৰ মূল অভিযুক্ত বন্দনা কলিতাই জামিন লাভ কৰিলে। ২০২২ চনৰ জুলাই/আগষ্ট মাহত সংঘটিত হৈছিল এই ঘটনা। অসম আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি এই হত্যাকাণ্ডৰ সকলো তথ্য পোহৰলৈ আনিছিল। বন্দনা কলিতাই সংঘটিত কৰা এই হত্যাকাণ্ডৰ অন্যতম সহযোগা আছিল ধনটি ডেকা আৰু অৰুপ ডেকা। কিছুদিন পূৰ্বে অৰুপ ডেকাই জামিন লাভ কৰিছিল। শেহতীয়াকৈ বন্দনা কলিতাৰ সৈতে ধনটি ডেকায়ো জামিন লাভ কৰিছে।
শ্বিলং-চেৰাপুঞ্জী পথৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰিছিল বন্দনা কলিতাৰ নৃশংসতাৰ স্বীকাৰ হোৱা স্ৱামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ৰ মৃতদেহৰ ভিন্ন টুকুৰা। উল্লেখ্য যে এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত কৰিও এইদৰে জামিন লাভৰ আৰত অসম আৰক্ষীৰ চৰম ব্যৰ্থতা বুলি জানিব পৰা গৈছে। কিয়নো অসম আৰক্ষীৰ শীৰ্ষ নেতৃত্বই বন্দনা কলিতাৰ বিৰুদ্ধে শক্তিশালী চাৰ্জশ্বিট দাখিল কৰা হ’ব বুলি সেই সময়ত মন্তব্য কৰিছিল তথাপিও তেনে শক্তিশালি চাৰ্জশ্বিট দাখিলত ব্যৰ্থ হয়।ফলত কামৰূপ জিলা সত্ৰ ন্যায়াধীশে চৰ্ত সাপেক্ষে বন্দনা কলিতাক জামিন প্ৰদান কৰে।সেই অনুসৰি সপ্তাহত দুটাকৈ দিনত আহি তেওঁ নুনমাটী আৰক্ষী থানাত হাজিৰ হ’ব লাগিব।গুৱাহাটীৰ বাহিৰলৈ যাব নোৱাৰিব।যদি কোনো কাৰণত অসমৰ বাহিৰলৈ যাব লগীয়া হয় তেন্তে ন্যায়ালয়ৰ পৰা অনুমতি ল’ব লাগিব।এনেদৰে চৰ্ত সাপেক্ষে জামিন লাভ কৰা বন্দনা দুই,এদিনতে কাৰাগাৰৰ পৰা মুকলি আকাশলৈ আহিব।

Leave a Reply

Your email address will not be published. Required fields are marked *