সদৌ অসম আৰক্ষী সন্থাৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ত সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা

Share

বৃস্হপতিবাৰে কটন বিশ্ববিদ্যালয়ত সদৌ অসম আৰক্ষী সন্থাৰ উদ্যোগত সদৌ অসম ভিত্তিত এক তৰ্ক প্ৰতিযোগিতাৰ সম্পন্ন কৰা হয়। অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত সংঘৰ্ষত জীৱন আহুতি দিয়া অসম আৰক্ষীৰ ষষ্ঠ বীৰ শ্বহীদৰ স্মৃতিত ত্ৰই তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই তৰ্ক প্ৰতিযোগিতাৰ বিষয় আছিল “দুৰ্নীতি নিবাৰনত চৰকাৰতকৈ জনসাধাৰণ বেছি সজাগ হোৱা উচিত।” কটন বিশ্ববিদ্যালয়খনৰ চুডমাৰ্চন প্ৰেক্ষাগৃহত সম্পন্ন হোৱা প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণী পৰ্যায়লৈ বহুতো শিক্ষাৰ্থী বিষয়টিৰ সপক্ষে আৰু বিপক্ষে মত পোষণ কৰে।
ৰাতিপুৱা ৯:৩০বজাত তৰ্ক প্ৰতিযোগিতা খনৰ উদ্বোধনী অনুষ্ঠানখনত ভাগ লয় কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° ৰুমা তালুকদাৰ আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত খাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশচন্দ্ৰ ডেকা। উল্লেখযোগ্য যে আছাম ট্ৰিবিউন কাকতৰ জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত সঞ্জয় কুমাৰ হাজৰিকা দেৱৰ অধ্যক্ষতাত আয়োজিত হোৱা তৰ্ক প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকে লখিমপুৰৰ অ পি ডি কলেজৰ অৱসৰী গ্ৰন্থাগাৰিক তথা বিশিষ্ট লেখক শ্ৰীযুত অতুল বৰা, বিশিষ্ট নাট্যকাৰ তথা সাহিত্যিক শ্ৰীযুত হিকমৎ চৌধুৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাণৰ সম্পাদক তথা বিশিষ্ট তাৰ্কিক শ্ৰীযুত মুন তালুকদাৰ ।

সদ্যঘোষিত তৰ্ক প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ দল হিচাপে জে বি কলেজৰ সুদিপ্ত শইকিয়া আৰু ৰুণুক ৰূপম পৰাশৰক পুৰস্কৃত কৰা হয়। শ্ৰেষ্ঠ তাৰ্কিকৰ খিতাপ অৰ্জন কৰে কটন বিশ্ববিদ্যালয়ৰ ৰাজদীপ মহন্তই। আনহাতে দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক হিচাপে জে বি ল’ কলেজৰ সুনীত শৰ্মা পুৰস্কৃত হোৱাৰ বিপৰীতে তৃতীয় স্থানত থাকে কটন বিশ্ববিদ্যালয়ৰ মৃগাশ্ৰী বৰুৱা। উদগনি মুলক বঁটা লাভ কৰে দৰং কলেজৰ মনোজ কুমাৰ বৰুৱা আৰু কটন বিশ্ববিদ্যালয়ৰ শৈলজা প্ৰধানে।

Leave a Reply

Your email address will not be published. Required fields are marked *