ডঃ কিশোৰী মোহন পাঠকলৈ ২০২১ বৰ্ষৰ বৰপেটা শিৰোমণি বঁটা

Share
কবিতা দেৱী,২৩ ছেপ্টেম্বৰঃ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য , প্ৰখ্যাত বিজ্ঞানী, শিক্ষাবিদ, বৰপেটাৰ সু- সন্তান ডঃ কিশোৰী মোহন পাঠকলৈ অহা ২৫ ছেপ্টেম্বৰত গুৱাহাটীৰ অসম সাহিত্য সভাৰ  ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত পুৱা  ১০- ৩০ বজাত  চতুৰ্থ বৰ্ষৰ  ‘বৰপেটা শিৰোমণি’ বঁটা প্ৰদান কৰা হ’ব ৷ বৰপেটা শিৰোমণি বঁটা প্ৰদান সমিতিয়ে আয়োজন কৰা সভাত বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ১৯৩৪ চনৰ পহিলা মাৰ্চত বৰপেটা চহৰৰ মাজৰহাটীত জন্ম গ্ৰহণ কৰা ডঃ পাঠকে বৰপেটাৰ ১ নং দলাহাটী  নিন্ম বুনিয়াদী বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলি  বৰপেটা বিদ্যাপীঠৰ পৰা ১৯৫০ চনত মেট্ৰিক পৰীক্ষাত আৰু ১৯৫৪ চনত কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত অনাৰ্চ সহ বি এছ চি পৰীক্ষাত উত্তীৰ্ণ হয় ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰি পাঠকে ১৯৬৪ চনত বিলাতলৈ যায় আৰু ১৯৬৭ চনত ডাৰহাম বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি  লাভ কৰে ৷ ডঃপাঠকে ” উচ্চ ক্ষমতা সম্পন্ন মহাজাগতিক ৰশ্মিৰ উৎপত্তি তথা চাৰিত্ৰিক বৈশিষ্ট্য, মহাজাগতিক ৰশ্মিৰ পৰা নিৰ্গত আলোক- চেৰেনকভ বিকিৰণ আৰু এক্সৰে বিকিৰণ” সম্বন্ধে  গৱেষণা কৰাৰ উপৰিও ১৩২ খন গৱেষণা পত্ৰ দেশৰ আৰু আন্তৰ্জাতিক বিজ্ঞান জাৰ্ণালত প্ৰকাশ পাইছে ৷ ডঃ পাঠকৰ বিজ্ঞান বিষয়ক চৈধ্যখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে

Leave a Reply

Your email address will not be published. Required fields are marked *